নৱেম্বৰত ঘোষণা হ’ব HSLC পৰীক্ষাৰ সূচী, ফেব্ৰুৱাৰী বা মাৰ্চৰ প্ৰথমতে হ’ব পৰীক্ষা – মুখ্যমন্ত্ৰী

Screenshot

 

মাজিৰ গাঁৱত দুই ভাগিনৰ সৈতে কথা পাতোতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

২০২৭ বৰ্ষৰ HSLC পৰীক্ষাক লৈ ডাঙৰ খবৰ। অহা নৱেম্বৰ মাহত প্ৰকাশ পাব HSLC পৰীক্ষাৰ সম্পূৰ্ণ ৰুটিন।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, ২০২৭ৰ HSLC পৰীক্ষা অনুষ্ঠিত হ’ব ২০২৭ৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথম ভাগত।

২০২৬ৰ দৰে এইবাৰো পৰীক্ষা ফেব্ৰুৱাৰীতে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যোৱা বছৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ HSLC পৰীক্ষা হৈছিল।

ৰুটিন প্ৰকাশ পাব নৱেম্বৰ ২০২৬ত আৰু পৰীক্ষা হ’ব ফেব্ৰুৱাৰী ২০২৭ত বুলি শিক্ষা পৰ্টেলতো উল্লেখ আছে। 3562

ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা প্ৰস্তুতি চলাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *