অৰুণাচল সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন, ভাৰতৰ প্ৰতিক্ৰিয়া

নতুন দিল্লীঃ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত চীনা সৈন্যই নিৰ্ধাৰিত পহৰা ব্যৱস্থা উলংঘা কৰিলে পৰিস্থিতি অশান্ত হ’ব। শুকুৰবাৰে ভাৰতে এই কঠোৰ সকীয়নি প্ৰদান কৰে চীনক। ভাৰত-চীন সম্পৰ্কৰ সামগ্ৰিক উন্নয়নৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু সুস্থিৰতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয় বুলিও মন্তব্য ভাৰতৰ।

অৰুণাচল প্ৰদেশ সীমান্তৰ কেইবাটাও স্থানত চীনা সৈন্যৰ সৈতে মুখামুখি সংঘাত অব্যাহত থকা বুলি ভাৰত-তিব্বত সীমান্ত আৰক্ষী (ITBP)ৰ সঞ্চালক প্ৰধান শত্ৰুজিত কাপুৰে কৰা মন্তব্যৰ পাছতে এই প্ৰতিক্ৰিয়া ভাৰতৰ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে দ্বি-সাপ্তাহিক সংবাদমেলত উল্লেখ কৰে যে যেতিয়াই চীনা বাহিনীয়ে নিৰ্ধাৰিত পহৰা ব্যৱস্থাৰ পৰা আঁতৰি আহে, তেতিয়াই ভাৰত-চীন সীমান্ত অঞ্চলৰ পৰিস্থিতি মাজে-সময়ে অশান্ত হৈ পৰে।”

তেওঁ লগতে কয়, “প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত থকা সমস্যাসমূহ সমাধান কৰিবলৈ আৰু ভুল বুজাবুজি তথা এৰাই চলিবলৈ উভয় পক্ষই বৰ্তমানৰ কূটনৈতিক আৰু সামৰিক ব্যৱস্থাৰ ব্যৱহাৰ অব্যাহত ৰাখিব।

জয়ছোৱালে জানিবলৈ দিয়ে যে উন্নত সীমান্ত ব্যৱস্থাপনাৰ বাবে উপযুক্ত অঞ্চলসমূহত LAC সম্পৰ্কে দুয়োখন দেশৰ মাজৰ বুজাবুজি অধিক বৃদ্ধি কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিবলৈও দুয়োখন দেশে সন্মতি প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে ITBP-ৰ মুৰব্বী কাপুৰে স্পষ্ট কৰে যে গলৱান উপত্যকাৰ সংঘাতৰ দৰে পৰিস্থিতি অধিক দক্ষতাৰে মোকাবিলা কৰিবলৈ ITBP-য়ে ইয়াৰ সকলো সীমান্ত ইউনিটত ড্ৰোন প্লাটুন গঠন কৰিছে আৰু এটা নতুন “ষ্ট্ৰাইক” (Strike) কৌশল প্ৰস্তুত কৰিছে।

২০২০ চনৰ ভয়াৱহ গলৱান উপত্যকাৰ সংঘাত আৰু চাৰি বছৰতকৈও অধিক সময় ধৰি চলা সামৰিক অচলাৱস্থাৰ অৱসানৰ বাবে বিগত বৰ্ষত ভাৰত আৰু চীনে ধাৰাবাহিকভাৱে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

২০২৪ চনৰ অক্টোবৰ মাহত দুয়ো পক্ষই পূব লাডাখৰ শেষ দুটা সংঘাতপূৰ্ণ স্থান ক্ৰমে ডেবচাং আৰু ডেমচকৰ পৰা সৈন্য অপসাৰণ কৰাৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ কেইদিনমান পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে কাজানত এক বৈঠকত মিলিত হৈ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

যোৱা বছৰৰ আগষ্ট মাহত মোদীয়ে বাৰ্ষিক চাংহাই সহযোগিতা সংস্থা (SCO)ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনৰ তিয়ানজিন ভ্ৰমণ কৰিছিল। সন্মিলনৰ আঁৰত জিনপিঙৰ সৈতে হোৱা ব্যাপক আলোচনাৰ সময়ত মোদীয়ে পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতাৰ ভিত্তিত চীনৰ সৈতে থকা সম্পৰ্ক আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা‌ দোহাৰিছিল।

যোৱা মাহত নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ (BRICS) সন্মিলনৰ সমান্তৰালভাৱে মোদীয়ে জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হৈছিল। য’ত দুয়োখন দেশে ইজনে সিজনৰ মূল বিষয়সমূহৰ প্ৰতি সংবেদনশীল হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷

ভাৰতে এই স্থিতি বজাই ৰাখিবলৈ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে কাম কৰাৰ লগতে বাকী থকা সীমান্ত সমস্যাসমূহ সমাধান কৰিবলৈ, LAC-ত ভুল বুজাবুজি প্ৰতিৰোধ কৰিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ দুয়ো পক্ষই কূটনৈতিক আৰু সামৰিক মাধ্যমৰ ব্যৱহাৰ অব্যাহত ৰখাটো জৰুৰী বুলি স্পষ্ট কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *