নগাঁৱৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদক লৈ বাংলাদেশৰ বিৰোধী দলপতি তথা জামায়াতে ইছলামীৰ মুৰব্বী ড° শ্বফিকুৰ ৰহমানৰ দাবীক তীব্ৰ ভাষাৰে খণ্ডন কৰিলে অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
সামাজিক মাধ্যমত বিশেষ পোষ্ট যোগে মন্ত্ৰীগৰাকীয়ে কয়, ৰহমানে দিয়া তথ্য “অসম্পূৰ্ণ আৰু বিভ্ৰান্তিকৰ”।
*বাংলাদেশৰ নেতাই কি কৈছিল?*
যোৱা ২৪ অক্টোবৰত ড° ৰহমানে দাবী কৰিছিল যে লুটুমাৰী-লংজাপত দুদিনত ১১০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হৈছে আৰু ৫০ বছৰ পুৰণি ১০টা মছজিদ ভঙা হৈছে।
মন্ত্ৰীৰ প্ৰত্যুত্তৰত কি আছে?
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্পষ্টকৈ জনালে –
১. উচ্ছেদ হৈছে মাত্ৰ ৫৬৩টা পৰিয়ালৰ, ১১০০ নহয়। স্থান ৩১৪ হেক্টৰ অধিসূচিত বনভূমি।
২. ১৭-১৮ অক্টোবৰৰ এই অভিযান কোনো ধৰ্মক লক্ষ্য কৰি কৰা হোৱা নাই।
৩. এয়া উচ্চতম ন্যায়ালয়ৰ ১০ ফেব্ৰুৱাৰী ২০২৬ৰ নিৰ্দেশ আৰু SLP নং ২৮৭১৯-২৮৭২৩/২০২৬ যোৱা ২ ছেপ্টেম্বৰত নিষ্পত্তি হোৱাৰ পাছতহে কৰা হৈছে।
মানৱীয়তাৰ দিশ:
জয়ন্ত মল্ল বৰুৱায় লগতে কয়, জাননী বহু আগতেই দিয়া হৈছিল, বৰষুণ-বানৰ বতৰ শেষলৈ ৰখা হৈছিল, সামগ্ৰী উলিয়াবলৈ সময় দিয়া হৈছিল আৰু অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল।
জয়ন্ত মল্ল বৰুৱায় শেষত প্ৰশ্ন তোলে – “বন সুৰক্ষা আৰু আইনৰ শাসনক ধৰ্মীয় দৃষ্টিকোণৰ পৰা বাছি বাছি ব্যাখ্যা কৰিব পাৰি নে?”
এতিয়া উদ্ধাৰ হোৱা ভূমিত থলুৱা গছেৰে বন সৃষ্টি কৰি হাতীৰ আবাস ঘূৰাই অনা হ’ব।
