অপশক্তিক বিনাশ কৰি শক্তিৰ জয়েই বিজয়া দশমী: মুখ্যমন্ত্ৰী

Screenshot

অশ্ৰুসিক্ত নয়নেৰে দুৰ্গতিনাশিনীক বিদায় দিলে অসমবাসীয়ে। বিজয়া দশমীৰ এই পৱিত্ৰ ক্ষণত ৰাজ্যবাসীলৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় – “বিজয়া দশমী হৈছে অপশক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়।”

“বিগত কেইমাহত অসমত যিবোৰ অপশক্তিয়ে মূৰ দাঙি উঠিছিল, দশমী অহাৰ লগে লগে সকলো ম্লান পৰিল। সমাজত সদায় শুভ শক্তিৰেই জয় হয়” বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই দুৰ্গোৎসৱে সমাজৰ পৰা সকলো ক’লা ছাঁ আঁতৰাই নতুন পোহৰৰ সূচনা কৰিব।

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁ সকলোকে কু-সংস্কাৰ আৰু সমাজবিৰোধী শক্তিৰ বিৰুদ্ধে একগোট হ’বলৈ আহ্বান জনায় আৰু ৰাজ্যবাসীৰ সুখ-শান্তি কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *