গুৱাহাটী: ৰাজ্যৰ বতৰে পুনৰ সংহাৰী ৰূপ লোৱাৰ আশংকা। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ৯খন জিলাত Yellow Alert জাৰি কৰিছে।
কোন ৯খন জিলাত Alert?
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কামৰূপ, কামৰূপ (মহানগৰ), দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এই সতৰ্কবাণী জাৰি কৰা হৈছে।
এই জিলা কেইখনৰ দুই-এঠাইত বিজুলী-ঢেৰেকনিসহ প্ৰৱল বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে।
বাকী জিলাত কোনো সতৰ্কবাণী নাই
আনহাতে ৰাজ্যৰ বাকী ২৬খন জিলাত বৰ্তমানলৈকে কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই।
বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, মৰিগাঁও আৰু নগাঁও জিলাত কোনো Alert নাই।
একেদৰে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাতো বতৰ স্বাভাৱিক হৈ থাকিব।
বতৰ বিজ্ঞান কেন্দ্ৰই জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
