কাৰামুক্ত সন্দীপন গাৰ্গৰ প্ৰথম প্ৰতিক্ৰিয়া: “সত্যৰ সদায় জয় হয়”

Screenshot

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গক দেওবাৰে কাৰামুক্ত কৰা হয়। সোমবাৰে বাক্সা জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে তেওঁ।

উল্লেখ্য যে, যোৱা ১৬ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্দীপনৰ জামিন আবেদন মঞ্জুৰ কৰিছিল। তাৰ পিছতে ১৯ অক্টোবৰত তেওঁ জেলৰ পৰা মুক্তি লাভ কৰে।

কাৰাগাৰত থকা দিনকেইটাত সন্দীপনে শ্ৰীমদ্ভগৱতগীতা পাঠ কৰিছিল। জেলৰ পৰা ওলাওতে তেওঁৰ হাতত আছিল এখন কাপোৰৰ বেগ আৰু শ্ৰীমদ্ভগৱতগীতা।

মুক্তিৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত সন্দীপনে কয় — মোৰ গ’ল্ডী দাদাৰ বাবে সকলোৱে ন্যায় বিচাৰিছে, ন্যায় নিশ্চয় পাব। ১৯ ছেপ্টেম্বৰৰ ঘটনাৰ প্ৰকৃত সত্য যেতিয়া ৰাইজে জানিব, তেতিয়াই মোৰ দাদাৰ আত্মাই শান্তি পাব।

আদালতত গোচৰ চলি আছে, সত্য আদালতৰ জৰিয়তে ওলাব। সত্যৰ সদায় জয় হয় বুলিও মন্তব্য কৰে সন্দীপন গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *