দুৰ্গা প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ট্ৰেফিক আৰক্ষীয়ে। জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে মহানগৰীত যান-জঁটৰ সমস্যা নিয়ন্ত্ৰণৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অহা ২১ আৰু ২২ অক্টোবৰত প্ৰতিমা বিসৰ্জনৰ বাবে বিশেষ ট্ৰেফিক ব্যৱস্থা বলবৎ থাকিব। এই দুদিনত প্ৰতিমা কঢ়িওৱা বাহনসমূহে নিৰ্ধাৰিত পথ আৰু সময়সূচী মানি চলাটো বাধ্যতামূলক কৰা হৈছে।
আৰক্ষী প্ৰশাসনে জনাইছে যে বিসৰ্জনৰ সময়ছোৱাত ভক্ত, দৰ্শনাৰ্থী আৰু সাধাৰণ পথচাৰীৰ সুৰক্ষাৰ লগতে নগৰীৰ স্বাভাৱিক যান-বাহন চলাচল অব্যাহত ৰখাটোৱেই হৈছে মূল লক্ষ্য। সেই অনুসৰি বিসৰ্জনস্থলী অভিমুখী প্ৰতিমা কঢ়িওৱা বাহন আৰু সাধাৰণ বাহনৰ বাবে সুকীয়া চলাচল ব্যৱস্থা কৰা হ’ব।
