‘ৰাইজ যিফালে যায়, চৰকাৰো সেইফালে যায়’ – ‘জুবিন দিৱস’ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰি সোণাপুৰৰ জুবিনক্ষেত্ৰত তিনিদিনীয়াকৈ পালন কৰা হৈছে ‘জুবিন দিৱস’। ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই দিৱসত হাজাৰ হাজাৰ অনুৰাগীৰ সমাগম হৈছে। ৰাজ্যৰ প্ৰতিটো চুক-কোণতে ৰাইজে নিজৰ হিয়াৰ আমঠু শিল্পীগৰাকীক গীতেৰে, চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে।

আজি ১৯ ছেপ্টেম্বৰৰ দিনটোত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বশিষ্ঠত এক বিশেষ ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজিত এই শিবিৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে ৰক্তদান কৰে। তেওঁৰ লগতে বহু বিজেপি নেতা-কৰ্মীয়েও ৰক্তদান কৰি শিল্পীগৰাকীক সুঁৱৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, জুবিনৰ জন্ম দিৱস আৰু মৃত্যু দিৱস প্ৰতিবছৰে বিজেপিয়ে ৰক্তদানেৰে পালন কৰি যাব।

এই সময়তে সাংবাদিকে ‘জুবিন দিৱস’ৰ চৰকাৰী স্বীকৃতি সন্দৰ্ভত প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়, “দিৱসৰ নাম ৰাইজে দিয়ে। ৰাইজৰ পিছে পিছে চৰকাৰ গৈ থাকে। ৰাইজতকৈ চৰকাৰ তলত। শিল্পী দিৱস, ৰাভা দিৱসৰো চৰকাৰে অধিসূচনা দিয়া নাই। ৰাইজ যিফালে যায়, চৰকাৰ সেইফালে নিজে নিজে গুচি যায়।”

জুবিন গাৰ্গৰ সৈতে থকা সম্পৰ্ক আৰু জুবিনৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আৱেগিক হৈ কয়, “জীৱিত কালত জুবিনৰ লগত আমাৰ অত্যন্ত মধুৰ সম্পৰ্ক আছিল। অসমৰ সংগীত জগতলৈ তেখেতৰ সাগৰ সমান বৰঙণি আছে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় তেওঁক সোঁৱৰণ কৰিব।”

লগতে তেওঁ কয়, “জুবিনৰ ইতিবাচক দিশ – গান, সংগীত, মানৱসেৱা আদি আজি স্মৰণ কৰিব লাগে। জুবিনক ইতিবাচক চিন্তাৰে জাতীয় জীৱনৰ এগৰাকী মহান ব্যক্তিৰূপে স্মৰণ কৰিব লাগে।”*l

 

Leave a Reply

Your email address will not be published. Required fields are marked *