অৱসৰৰ আগতেই হাতত পাব PPO! ১১ হাজাৰ কৰ্মচাৰীৰ বাবে সুখবৰ

Screenshot

 

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, এতিয়া অৱসৰৰ ১ বছৰ আগতেই হ’ব পেঞ্চনৰ কাম

ৰাজ্যৰ কৰ্মচাৰী কৰ্মচাৰীসকললৈ আহিছে ভাল খবৰ। এতিয়াৰে পৰা অৱসৰ লোৱাৰ এবছৰ আগৰ পৰাই পেঞ্চনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

নতুন নিয়ম অনুসৰি, কৰ্মচাৰীসকলে নিজে পেঞ্চনৰ বাবে আবেদন কৰিব নালাগে। FinAssam পৰ্টেলৰ জৰিয়তে নিজে নিজে এই কাম হৈ যাব। অৱসৰৰ ১২ মাহ আগতেই কৰ্মচাৰীজনৰ প্ৰফাইল অটোমেটিকভাৱে বনোৱা হ’ব আৰু তেওঁৰ মোবাইল নম্বৰত মেছেজ আহিব।

মুখ্যমন্ত্ৰীৰ মতে, এতিয়ালৈকে ১১,০৪৭ গৰাকী কৰ্মচাৰীক এই পৰ্টেলৰ অধীনলৈ অনা হৈছে আৰু ইয়াৰ ভিতৰত ৩,৯৭০ গৰাকী কৰ্মচাৰীয়ে অৱসৰৰ আগতেই PPO লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ ফলত কৰ্মচাৰীসকলে সময়মতেই পেঞ্চন পাব আৰু ফাইল লৈ গুৱাহাটীলৈ অহাৰ প্ৰয়োজন নাথাকিব। সকলো নথি-পত্ৰৰ পৰীক্ষা জিলাতে হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *