এটা পাততে ১০ টা ৰোগৰ পৰা মুক্তি! জানক ভেদাইলতাৰ চমৎকাৰী উপকাৰিতা

আপুনি বাৰীৰ পিছফালে হোৱা সেই বেয়া গোন্ধোৱা লতাডাল দেখিছেনে? বহুতে ইয়াক অপতৃণ বুলি ভাবি কাটি পেলাই দিয়ে। কিন্তু আপুনি জানেনে এই লতাডালেই আপোনাৰ ঘৰৰ আটাইতকৈ দামী ঔষধৰ বাকচ। ইয়াৰ নাম ভেদাইলতা। আয়ুৰ্বেদত ইয়াক প্ৰসাৰণী বুলি কোৱা হয়, অৰ্থাৎ যি ৰোগক প্ৰসাৰিত হবলৈ নিদিয়ে।

আজি আমি জানিম ভেদাইলতা পাতে কেনেকৈ দহটা ডাঙৰ ৰোগৰ পৰা আপোনাক বচাব পাৰে। প্ৰথম আৰু প্ৰধান উপকাৰ হৈছে গেছ আৰু এচিডিটিৰ পৰা মুক্তি। যিসকল লোকৰ প্ৰতিদিনে পেট ফুলে, বুকু জ্বলে, খোৱাৰ পিছত বদহজম হয় তেওঁলোকৰ বাবে ভেদাইলতা অমৃত সমান। ৰাতিপুৱা শুই উঠি খালী পেটত পাঁচৰ পৰা ছয়খনমান পাত ধুই ৰস উলিয়াই কুহুমীয়া পানীৰ লগত সাতদিন খাই চাওক, আপুনি নিজেই পাৰ্থক্য বুজি পাব। আপোনাৰ পেট একেবাৰে পাতল আৰু পৰিষ্কাৰ হৈ যাব।

দ্বিতীয়তে ই আমাশয় আৰু পাতল পায়খানাৰ বাবে যাদুকৰী ঔষধ। বিশেষকৈ বাৰিষা কালত সৰু লৰা ছোৱালীৰ এই সমস্যা বেছি হয়। এনে সময়ত ভেদাইলতা আৰু মানিমুনি পাত একেলগে বটি জোল বনাই খুৱালে একে দিনাই আমাশয় বন্ধ হয়। ই পেটৰ ভিতৰৰ বেয়া বেক্টেৰিয়া মাৰি পেলায়।

তৃতীয়তে যিসকলৰ বাত বিষ, গাঁঠিৰ বিষ বা হাড়ৰ বিষ আছে তেওঁলোকৰ বাবে ই অতি উপকাৰী। বয়স হলে বহুতৰে আঁঠুত বিষ হয়। ভেদাইলতা পাত গৰম পানীত ভালকৈ উতলাই সেই পানীখিনিৰে বিষ হোৱা ঠাইত দিনে দুবাৰকৈ সেক দিলে বিষ আৰু ফুলা দুয়োটাই কমি যায়।

ইয়াৰ উপৰিও এই পাতে আমাৰ তেজ পৰিষ্কাৰ কৰে যাৰ ফলত মুখত ওলোৱা শালমন, ছালৰ খজুৱতি আৰু ফোঁহা ফুটা নোহোৱা হয়। যিসকলৰ সঘনাই চৰ্দি, কাহ হয় তেওঁলোকে ভেদাইলতা পাতৰ ৰসৰ লগত অলপ মৌ মিহলাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। আনকি ই ডায়েবেটিছ ৰোগীৰ বাবেও ভাল বুলি কোৱা হয় কাৰণ ই তেজত থকা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

সবাতোকৈ ডাঙৰ কথাটো হ’ল ইয়াৰ বাবে আপুনি এটকাও খৰচ কৰিব নালাগে। এডাল ঠাল আনি ঘৰৰ এচুকত বা এটা বাল্টিত পুতি দিলেই হ’ল। কোনো সাৰ বা যত্ন নোহোৱাকৈয়ে ই গোটেই বছৰটো আপোনাক ঔষধি পাত দি থাকিব। গতিকে আজিৰ পৰাই এই গোন্ধ থকা পাতবিধক অৱহেলা নকৰি ইয়াক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *