গুৱাহাটীৰ আদালত চৌহদত একাংশ কনিষ্ঠ অধিবক্তাৰ উদ্ভণ্ডালি। অমৃতপ্ৰভা মহন্তক সুৰক্ষা দিয়াৰ নামত আদালতৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, আদালত চলি থকাৰ সময়তে একাংশ কনিষ্ঠ অধিবক্তাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। যাৰ ফলত বিচাৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। জ্যেষ্ঠ অধিবক্তাসকলেও এই কাৰ্যক গৰিহণা দিছে।
আদালত চৌহদত এনে উদ্ভণ্ডালিয়ে ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে। সুৰক্ষা দিয়াৰ নামত আইন হাতত লোৱাটো কিমান যুক্তিযুক্ত, তাক লৈ এতিয়া চৰ্চা চলিছে।
