ৰাতিপুৱা খালী পেটত নেমু পানী খোৱাৰ ৫ টা চমৎকাৰী উপকাৰিতা

ৰাতিপুৱা খালী পেটত নেমু পানী খোৱাৰ ৫ টা চমৎকাৰী উপকাৰিতা, জানিলে আচৰিত হ’ব

আমি সকলোৱে বিচাৰো দিনটো সুস্থ আৰু সতেজ মনেৰে আৰম্ভ কৰিবলৈ। বহুতেই ৰাতিপুৱা উঠিয়েই বেড-টি বা কফি খায়। কিন্তু আপুনি জানেনে, আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি যদি দিনটোৰ আৰম্ভণি এক গিলাচ কুহুমীয়া নেমু পানীৰে কৰা হয়, তেন্তে শৰীৰত বহু ৰোগৰ পৰা মুক্তি পাব পাৰি? ই এক প্ৰাকৃতিক ডিটক্স ড্ৰিংক।

আহক, সবিশেষ জানো ইয়াৰ ৫ টা আচৰিত উপকাৰিতাৰ বিষয়ে…

১. ওজন কমোৱাৰ আটাইতকৈ সহজ উপায়
যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে নেমু পানী হৈছে ব্ৰহ্মাস্ত্ৰ। নেমুত থকা পেক্টিন ফাইবাৰে দীৰ্ঘ সময়লৈ পেট ভৰি থকাৰ অনুভৱ দিয়ে, ফলত বাৰে বাৰে খোৱাৰ ইচ্ছা নহয়। লগতে কুহুমীয়া পানীয়ে শৰীৰৰ মেটাবলিজম ৩০% পৰ্যন্ত বৃদ্ধি কৰে। ফলত শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰে।

২. হজম শক্তি বৃদ্ধি কৰে আৰু পেট পৰিষ্কাৰ ৰাখে
ৰাতি শোৱাৰ সময়ত আমাৰ হজম তন্ত্ৰ লেহেমীয়া হৈ পৰে। ৰাতিপুৱা খালী পেটত নেমু পানীয়ে আমাৰ লিভাৰক সক্ৰিয় কৰি তোলে আৰু পিত্তৰস উৎপাদনত সহায় কৰে। ইয়াৰ ফলত খাদ্য সহজে হজম হয়। যিসকল গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যত ভুগি আছে তেওঁলোকৰ বাবে এইটো অতি উপকাৰী। ই পেটটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখে।

৩. ছাল উজ্জ্বল আৰু বয়সৰ ছাপ ৰোধ কৰে
যদি আপুনি দামী ক্ৰীম ব্যৱহাৰ নকৰাকৈয়ে ছাল উজ্জ্বল কৰিব বিচাৰে, তেন্তে নেমু পানী খাওক। নেমুত প্ৰচুৰ পৰিমাণে Vitamin-C আছে, যি এক শক্তিশালী এন্টিঅক্সিডেন্ট। ই তেজ পৰিষ্কাৰ কৰে, শৰীৰৰ পৰা টক্সিন বাহিৰ কৰে। নিয়মীয়াকৈ খালে ব্ৰণ, ক’লা দাগ, বলিৰেখা নাইকিয়া হয় আৰু ছাল ভিতৰৰ পৰা গ্ল’ কৰিবলৈ আৰম্ভ কৰে।

৪. ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) বহুগুণে বঢ়ায়
নেমুত থকা Vitamin-C আৰু পটাছিয়ামে শৰীৰৰ ইমিউন চিষ্টেমক শক্তিশালী কৰে। বতৰ সলনি হ’লে হোৱা ঠাণ্ডা, কাহ, জ্বৰ, ফ্লুৰ পৰা ই আপোনাক ৰক্ষা কৰে। শৰীৰত বগা ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰি শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কৰি তোলে।

৫. শৰীৰক ডিটক্স কৰে আৰু দিনটোৰ বাবে শক্তি দিয়ে
গোটেই ৰাতি শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ ৰাতিপুৱা নেমু পানীয়ে প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে। ই শৰীৰৰ pH লেভেল সঠিক ৰাখে। চাহ-কফিত থকা কেফেইনৰ দৰে কোনো ক্ষতিকাৰক পদাৰ্থ নোহোৱাকৈয়ে ই আপোনাক দিনটোৰ বাবে প্ৰাকৃতিক শক্তি আৰু সতেজতা দিয়ে।

সঠিককৈ কেনেকৈ খাব?
১ গিলাচ কুহুমীয়া পানী (বেছি গৰম নহয়) লওক।
তাত আধা নেমুৰ ৰস চেপি দিয়ক।
সোৱাদৰ বাবে ১ চামুচ মৌ মিহলাব পাৰে।
মনত ৰাখিব, নেমু পানী খোৱাৰ ৩০ মিনিটৰ পিছতহে গাখীৰ চাহ বা ব্ৰেকফাষ্ট খাব।

⚠️ সাৱধানতা:
যিসকলৰ অত্যধিক গেছ, আলচাৰ বা দাঁতৰ সমস্যা আছে তেওঁলোকে প্ৰতিদিনে খোৱাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। নেমু পানী খোৱাৰ পিছত সাধাৰণ পানীৰে মুখখন ধুই লব

 

Leave a Reply

Your email address will not be published. Required fields are marked *