আজি নিশা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা! ১৪ জিলাত Yellow Alert জাৰি

আজি নিশা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা! ১৪ জিলাত Yellow Alert জাৰি

 

অসমৰ ১৪ খন জিলাত Yellow Alert জাৰি, কেইবাখনো জিলাত প্ৰবল বৰষুণৰ আশংকা

গুৱাহাটী: ৰাজ্যত এতিয়াও অব্যাহত আছে বৰষুণৰ প্ৰকোপ। বাৰিষাৰ শেষৰ ফালে আকৌ এবাৰ সক্ৰিয় হৈছে মৌচুমী। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি অসমৰ ১৪ খন জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, আজি নিশা দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, দৰং, কামৰূপ, কামৰূপ মহানগৰ, গোৱালপাৰা, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুই-এক ঠাইত প্ৰবলৰ পৰা অতিপাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰে ভিতৰত ১২ খন জিলা — দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, দৰং, কামৰূপ, গোৱালপাৰা, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলাত প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। আনহাতে কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ বাবে জাৰি কৰা হৈছে বিজুলী-ঢেৰেকনিৰ সতৰ্কতা।

উল্লেখযোগ্য যে, ৰাজ্যৰ আন ২১ খন জিলাত আজিৰ বাবে কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই। সেই জিলা কেইখন হৈছে বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও আৰু নগাঁও।

বতৰ বিজ্ঞান কেন্দ্ৰই ৰাইজক সাৱধানে থাকিবলৈ আৰু প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *