পূজা চাই ঘৰলৈ উভতাৰ পথত মৰ্মান্তিক পথ দুৰ্ঘটনা! থিতাতে নিহত ৩ যুৱক, সংকটজনক অৱস্থাত ২ জন

Screenshot

দৰঙত নিশাৰ ভয়ংকৰ দুৰ্ঘটনা! ট্ৰাকৰ তলত সোমাল ভাৰ্না, থিতাতে ৩ যুৱকৰ কৰুণ মৃত্যু

দৰঙৰ ছিপাঝাৰৰ সৰকাৰ চ’কত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মঙলদৈৰ পৰা তেজপুৰ অভিমুখে গৈ থকা *MK 46 AF 7002* নম্বৰৰ মালবাহী ট্ৰাক এখনৰ পিছে পিছে গৈ আছিল *AS 01 DM 7873* নম্বৰৰ হুণ্ডাই ভাৰ্না বাহনখন। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই ভাৰ্না বাহনখন ট্ৰাকখনৰ তলত সোমাই পৰে।

ফলত বাহনখনৰ ভিতৰতে ছিন্ন-ভিন্ন হৈ পৰে ৩ জন যুৱকৰ দেহ। থিতাতে কৰুণ মৃত্যুক সাৱটে ৩ জনে।

এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন ২ জন। আহত দুজনৰ অৱস্থা অতি সংকটজনক।

জানিব পৰা মতে, পূজা চাই খাৰুপেটীয়া অভিমুখে ঘৰলৈ উভতি আহি আছিল ৫ জনীয়া বন্ধুৰ দলটো। কিন্তু ঘৰ পোৱাৰ আগতেই সংঘটিত হ’ল এই অঘটন।

ঘটনাস্থলীত ধূলা আৰু খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ আহত দুজনক উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে।

নিহত:অংকুজ দাস, প্ৰীতম দাস আৰু সোণাই সৰকাৰ (ঘৰ – খাৰুপেটীয়া ৭ নং ৱাৰ্ড)
আহত:সাগৰ সাহা আৰু মিঠুন সাহা

Leave a Reply

Your email address will not be published. Required fields are marked *