বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপে এতিয়া ভয়ংকৰ ৰূপ লৈছে। IMD ৰ তথ্য অনুসৰি চাইক্ল’ন ‘অৰ্ণৱ’ (Arnab) অতি শক্তিশালী ঘূৰ্ণীবতাহলৈ পৰিণত হৈছে।
শেহতীয়া স্থিতি
যোৱা নিশা ২:৩০ বজাত ই Very Severe Cyclonic Storm লৈ পৰিণত হয়। বৰ্তমান ই কাকিনাডা উপকূলৰ পৰা মাত্ৰ ১৪০-১৫০ কিঃমিঃ দূৰত অৱস্থান কৰিছে আৰু ঘণ্টাত ২৩ কিঃমিঃ বেগেৰে পশ্চিম-উত্তৰ পশ্চিম দিশে গতি কৰিছে।
অহা কালি অৰ্থাৎ ২৮ অক্টোবৰত ইয়ানামৰ ওচৰত, বাপাটলা আৰু বিশাখাপট্টনমৰ মাজত স্থলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। খুন্দা মৰাৰ সময়ত বতাহৰ গতিবেগ হ’ব ১২৫-১৩৫ কিঃমিঃ, কেতিয়াবা ১৫০ কিঃমিঃ পৰ্যন্ত।
বন্দৰত সৰ্বোচ্চ সতৰ্কতা
সাগৰ উত্তাল হৈ পৰিছে, ঢৌৰ উচ্চতা ৩.৫ মিটাৰৰো অধিক হোৱাৰ আশংকা। ইয়াৰ বাবে –
– কাকিনাডা বন্দৰত Great Danger 10 (GD-10) সংকেত* জাৰি কৰা হৈছে।
– বিশাখাপট্টনম আৰু গংগাভৰমত GD-9
– মাচিলিপট্টনম আৰু নিজামপট্টনমত GD-8
মাছমৰীয়া সকলক ৩০ অক্টোবৰ পুৱালৈকে সাগৰলৈ নাযাবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।
প্ৰশাসনৰ প্ৰস্তুতি
অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত হাই এলাৰ্ট। অন্ধ্ৰ চৰকাৰে ১৫টা NDRF দল মোতায়েন কৰিছে আৰু ২৭ কোটি টকাৰ সাহায্য পুঁজি মুকলি কৰিছে। স্কুল-কলেজ বন্ধ ঘোষণা, নিচু অঞ্চলৰ পৰা লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে সেনা, নৌসেনা আৰু কোষ্টগাৰ্ডকো সাজু থাকিবলৈ নিৰ্দেশ দিছে।
