দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ কঢ়িয়াই আনিলে অসম চৰকাৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূজাৰ বাবে ৫ দিনীয়া একেলগে বন্ধৰ ঘোষণা কৰিছে।
যোৱা ২৪ ছেপ্টেম্বৰত জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে এই কথা ঘোষণা কৰে। তেওঁ জনায় যে এইবাৰ দুৰ্গা পূজাৰ এটা বন্ধৰ দিন দেওবাৰত পৰিছে। যাৰ বাবে কৰ্মচাৰীসকলে পূৰ্ণ বন্ধ উপভোগ কৰিব নোৱাৰিলেহেঁতেন। সেই কথা লক্ষ্য ৰাখি চৰকাৰে অতিৰিক্তভাৱে ১৭ অক্টোবৰ, ২০২৬ তাৰিখটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে।
ইয়াৰ লগে লগে পূজাৰ বন্ধ ৪ দিনৰ পৰা ৫ দিনলৈ বৃদ্ধি পালে। অৰ্থাৎ ১৭ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈকে একেৰাহে ৫ দিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। পূজাৰ আনন্দ আৰু অধিক উপভোগ কৰিব পাৰিব তেওঁলোকে।
কেবিনেটৰ আন দুটা ডাঙৰ পূজাৰ উপহাৰ:
এইবাৰৰ কেবিনেটত কেৱল কৰ্মচাৰীৰ বাবেই নহয়, সাধাৰণ ৰাইজৰ বাবেও কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে।
১. অৰুণোদয়ৰ হিতাধিকাৰীলৈ বোনাছ:ৰাজ্যৰ প্ৰায় ৪০ লাখ অৰুণোদয় হিতাধিকাৰীয়ে অক্টোবৰ মাহত ১২৫০ টকাৰ সলনি ১৫০০ টকা লাভ কৰিব। অহা ১০ অক্টোবৰত এই ধন হিতাধিকাৰীৰ একাউণ্টত সোমাব।
২. চাহ শ্ৰমিকলৈ ২০% বোনাছ:ATCL ৰ অধীনত থকা ৰাজ্যৰ ২৫৯ খন চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীয়ে এইবাৰ দুৰ্গা পূজাত ২০ শতাংশ বোনাছ লাভ কৰিব।
মুখ্যমন্ত্ৰীয়ে কয় যে বিকশিত অসমৰ লক্ষ্যৰে চৰকাৰে উৎসৱৰ বতৰত ৰাইজক সকাহ দিবলৈ এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে।
