বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। অভিযুক্ত ঘনকান্ত গগৈয়ে চশমাত কেমেৰা লগাই শূন্য দূৰত্বৰ পৰা ৬ জনক গুলীচালনা কৰাৰ লগতে সমগ্ৰ ঘটনা ৰেকৰ্ড কৰা বুলি চাঞ্চল্যকৰ অভিযোগ।
জানিব পৰা মতে, জন্মভূমি ডিব্ৰুগড়ৰ পৰাই মাটিৰ দালালিৰে কেৰিয়াৰ আৰম্ভ কৰিছিল ঘনকান্তই। মাটি ক্ৰয়-বিক্ৰয়ৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।
আনহাতে ফাইনেন্সৰ পৰা ঋণ লৈ ঘূৰাই নিদি পলাই ফুৰাৰো অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। ঋণ বিচাৰি ফাইনেন্স কৰ্মচাৰী কেইবাবাৰো তেওঁৰ ঘৰলৈ অহা বুলিও জানিব পৰা গৈছে।
আটাইতকৈ চাঞ্চল্যকৰ কথা, তেওঁ ‘PRESS’ লিখা হেৰিয়াৰ বাহনেৰে ঘূৰি ফুৰিছিল। সেই বাহনখন বৰ্তমান সাউকুছিৰ ভাড়াঘৰত আছে। বাহনত কিয় PRESS লিখা আছিল, সেয়া এতিয়া তদন্তৰ আওতাত।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ধনৰ লেনদেনক কেন্দ্ৰ কৰিয়েই হেলেনা ভৰালীৰ পৰিয়ালক টাৰ্গেট কৰিছিল ঘনকান্তই। চশমাৰ কেমেৰাত বন্দী হোৱা দৃশ্যই এতিয়া তদন্তৰ মূল সূত্ৰ হ’ব পাৰে।
