জুবিন ক্ষেত্ৰত ৰাইজে ন্যায়ৰ দাবীত প্ৰতিবাদ কৰি থকাৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত জামিনত মুকলি হৈছে।
পুৱা ৬-৩০ বজাত হাফলং কাৰাগাৰৰ পৰা ওলাই আহে অমৃতপ্ৰভা। পৰিয়ালৰ লোক আগতেই তাত উপস্থিত আছিল। মুখত মাস্ক পিন্ধি তেওঁ কাৰাগাৰৰ পৰা ওলাই ক’লা থাৰ বাহনত উঠি ঘৰলৈ যায়। এই সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই।
ইফালে জুবিন ক্ষেত্ৰত পত্নী গৰিমা গাৰ্গে স্বামীৰ ফটো বুকুত সাৱটি উচুপি উচুপি ন্যায় বিচাৰিছে। এফালে গৰিমাৰ চকুলো, আনফালে অমৃতপ্ৰভাৰ ঘৰমুৱা যাত্ৰা – দুয়োটা বিপৰীত ছবিয়ে ৰাইজক আৱেগিক কৰি তুলিছে।
২০২৫ৰ ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত অমৃতপ্ৰভা ঘটনাস্থলীত আছিল। সেই অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। এবছৰৰো অধিক কাল কাৰাবাসৰ অন্তত ৫০ হাজাৰ টকাৰ বণ্ডত তেওঁ জামিন লাভ কৰে। আদালতে তেওঁক কেইটামান চৰ্ত বান্ধি দিছে – ফাষ্ট ট্ৰেক আদালতৰ প্ৰতিটো শুনানিত হাজিৰ হ’ব লাগিব, আদালতৰ অনুমতি অবিহনে বিদেশলৈ যাব নোৱাৰিব আৰু নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল’ব লাগিব।
