বহুতে ভাবে টকা থাকিলেই সুখী হ’ব, ডাঙৰ ঘৰ থাকিলেই জীৱন ভাল হ’ব। কিন্তু সঁচা কথা হ’ল – টকাৰে কাপোৰ কিনিব পাৰি, কিন্তু শান্তি কিনিব নোৱাৰি। Lifestyle ভাল হ’লে টকা, সন্মান, সুখ, মৰম – সকলো নিজে নিজে আহিব।
আজি মই তোমাক এনেকুৱা ১০টা অভ্যাসৰ কথা কম, যিটো মানিলে ৬ মাহৰ ভিতৰত তোমাৰ জীৱনটো সম্পূৰ্ণ সলনি হৈ যাব।
১. ৰাতিপুৱা সোনকালে উঠক – ৫:৩০ বজাত
যি মানুহ ৰাতিপুৱা সোনকালে উঠে, সি গোটেই পৃথিৱীতকৈ এখোজ আগত থাকে। উঠিয়েই ফোন নাচাব। প্ৰথমে মুখ ধোৱক, এগিলাচ পানী খাওক, ১০ মিনিট খোজ কাঢ়ক বা অলপ ব্যায়াম কৰক। দেখিবা গোটেই দিনটো মনটো ফ্ৰেছ লাগি থাকিব, খঙো কম উঠিব।
২. দিনটোৰ প্লেন ৰাতিপুৱাই বনাওক
ডাঙৰ মানুহে কেতিয়াও বিনা প্লেনে দিনটো আৰম্ভ নকৰে। এখন বহীত লিখা – আজি মই এই ৩টা কাম কৰিমেই। ৩টা কাম শেষ হ’লেই দিনটো সফল।
৩. ফোনক কম, নিজক বেছি সময় দিয়ক
আমি দিনটোত ৫-৬ ঘণ্টা ফোনত নষ্ট কৰোঁ। সেই সময়খিনি যদি নিজৰ বাবে দিওঁ, আমি কিমান আগবাঢ়ি যাম ভাবি চোৱা। দিনে ১ ঘণ্টা ফোন কমকৈ চোৱাৰ অভ্যাস কৰক। সেই সময়ত পৰিয়ালৰ লগত কথা পাতক, কিতাপ পঢ়ক, নতুন কিবা শিকক।
৪. খোৱা-বোৱাত যত্ন লওক
বাহিৰৰ তেলীয়া, ফাষ্টফুড খাই খাই আমাৰ শৰীৰ বেয়া হৈ গৈছে। ঘৰৰ ভাত, দাইল, শাক-পাচলি খাওক। দিনে ৩ লিটাৰ পানী খাওক। মনত ৰাখিবা – শৰীৰ ভাল থাকিলেহে মন ভাল থাকিব, মন ভাল থাকিলেহে টকা ঘটিব পাৰিবা।
৫. দিনে ৩০ মিনিট ব্যায়াম কৰক
জিমলৈ যাব নালাগে। ঘৰতে খোজ কাঢ়ক, দৌৰক, যোগ কৰক। যি মানুহে নিজৰ শৰীৰক ভাল পায়, পৃথিৱীয়ে তাক ভাল পায়।
৬. বেয়া মানুহৰ পৰা আঁতৰি থাকক
যিয়ে তোমাক তললৈ নমায়, তোমাৰ বদনাম কৰে, তোমাৰ মনটো বেয়া কৰে – তাৰ পৰা আঁতৰি থাকা। ৫ জন ভাল মানুহৰ লগত থাকিলে তুমি ৬ নম্বৰ ভাল মানুহ হ’বা। ৫ জন বেয়া মানুহৰ লগত থাকিলে তুমিও বেয়া হৈ যাবা।
৭. সদায় শিকি থাকক
দিনে ১০ পৃষ্ঠা কিতাপ পঢ়ক, বা ১০ মিনিট ভাল ভিডিঅ’ চাওক। আজিৰ যুগত যিয়ে নিশিকে, সি পিছ পৰি যায়।
৮. টকাৰ অভ্যাস সলনি কৰক
যি টকা আহে, তাৰে ১০% জমা কৰক। বেছি খৰচ কৰা মানুহ কেতিয়াও ডাঙৰ হ’ব নোৱাৰে। সৰু সৰুকৈ জমা কৰিলেহে ডাঙৰ সপোন পূৰণ হয়।
৯. পৰিয়ালক সময় দিয়ক
টকাৰ পিছত দৌৰি দৌৰি মা-দেউতা, ভাই-ভনীক পাহৰি নাযাব। দিনটোত ৩০ মিনিট মা-দেউতাৰ লগত বহি কথা পাতক। তেওঁলোকৰ আশীৰ্বাদতকৈ ডাঙৰ সম্পত্তি একো নাই।
১০. ৰাতি শুৱাৰ আগত নিজক প্ৰশ্ন কৰক
আজি মই কি ভাল কৰিলোঁ? কি ভুল কৰিলোঁ? কালি কি ভাল কৰিম? এই ৩টা প্ৰশ্নই মানুহক দিনে দিনে ডাঙৰ কৰে। ৰাতি ১০ বজাৰ পাছত ফোন থৈ দিয়ক, শান্তিৰে শোৱক।
শেষত মনত ৰাখিব:
Lifestyle মানে দামী কাপোৰ, দামী ফোন, দামী গাড়ী নহয়। Lifestyle মানে – সোনকালে উঠা, পৰিষ্কাৰ থকা, সন্মানেৰে কথা কোৱা, নিজৰ লক্ষ্যত থকা, আৰু পৰিয়ালক ভাল পোৱা।
তুমি যদি সঁচাকৈ জীৱন সলনি কৰিব বিচাৰা, আজিৰ পৰাই ১ নম্বৰৰ পৰা আৰম্ভ কৰা। কালিৰ পৰা বুলি ক’লে কেতিয়াও নহ’ব।
