আপোনাৰ ঘৰৰ চোতালত থকা তুলসী গছজোপাক আপুনি কেৱল পূজাৰ বাবেই ৰাখিছে নেকি? যদি হয়, তেন্তে আজিৰ পৰা আপোনাৰ ধাৰণা সম্পূৰ্ণ সলনি হৈ যাব।
কাৰণ আমাৰ আই-আইতাই যুগ যুগ ধৰি কৈ অহা তুলসী কেৱল এজোপা গছ নহয়, ই হৈছে আমাৰ ঘৰতে থকা এখন সজীৱ ফাৰ্মাচী। আয়ুৰ্বেদত তুলসীক “অমৃত” আৰু “ঔষধৰ ৰাণী” বুলি কোৱা হয়। ৰোজ ৰাতিপুৱা খালী পেটত মাত্ৰ ৪ খিলা তুলসী পাত খালে শৰীৰত যি পৰিৱৰ্তন আহে, সেই কথা জানিলে আপুনি আচৰিত হ’ব।
আহক, আজি জানি লওঁ তুলসী পাতৰ ১০টা চমৎকাৰী গুণৰ বিষয়ে –
১. চৰ্দি, কাহ, জ্বৰৰ মহা ঔষধ
শীতকালত সঘনাই চৰ্দি-কাহ লাগে নেকি? তুলসী পাতৰ ৰসত অলপ মৌ আৰু আদাৰ ৰস মিহলাই খালে কাহ, ডিঙিৰ বিষ, কফ শীঘ্ৰে ভাল হয়। জ্বৰতো তুলসীৰ চাহে বহুত আৰাম দিয়ে।
২. ৰোগ প্ৰতিৰোধ ক্ষমতা ২ গুণ বাঢ়ে
তুলসীত আছে প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। যাৰ ফলত সৰু-সুৰা বেমাৰ সহজে নালাগে। যিসকলৰ সঘনাই জ্বৰ-চৰ্দি হয়, তেওঁলোকৰ বাবে তুলসী অমৃততকৈ কম নহয়।
৩. মানসিক চাপ, টেনচন দূৰ হয়
আজিকালি সকলোৰে টেনচন। ৰাতিপুৱা তুলসীৰ ওচৰত অলপ সময় বহিলে বা তুলসীৰ গোন্ধ ল’লে মন শান্ত হয়। তুলসীয়ে শৰীৰৰ Cortisol হৰম’ন কমায়, যাৰ ফলত চিন্তা, অনিদ্ৰা, মুৰৰ বিষ কমে।
৪. চুগাৰ আৰু ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰাখে
ডায়েবেটিছ ৰোগীৰ বাবে তুলসী বহুত উপকাৰী বুলি কোৱা হয়। নিয়মীয়াকৈ তুলসী পাত খালে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। লগতে ব্লাড প্ৰেচাৰ আৰু কলেষ্টেৰলো কমোৱাত সহায় কৰে।
৫. ছাল উজ্জ্বল আৰু দাগমুক্ত হয়
মুখত শাল-মন, দাগ, এলার্জি হৈছে নেকি? তুলসী পাত বটি মুখত লগালে ছালৰ বেক্টেৰিয়া নাইকিয়া হয়। ছাল পৰিষ্কাৰ, উজ্জ্বল আৰু সতেজ হৈ পৰে।
৬. পেটৰ সকলো সমস্যাৰ সমাধান
গেছ, এচিডিটি, বদহজম, পেট ফুলা – এইবোৰ আজিকালি প্ৰায় সকলোৰে সমস্যা। খোৱাৰ পিছত ২-৩ খিলা তুলসী পাত চোবাই খালে পেট পাতল লাগে আৰু হজম শক্তি বাঢ়ে।
৭. মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ বেমাৰ নাইকিয়া হয়
তুলসী পাতে মুখৰ বেয়া বেক্টেৰিয়া মাৰি পেলায়। যাৰ ফলত মুখৰ দুৰ্গন্ধ আঁতৰে, দাঁতৰ আলু মজবুত হয় আৰু মুখৰ ঘা ভাল হয়।
৮. হৃদযন্ত্ৰৰ বাবে ভাল
তুলসীয়ে তেজ পৰিষ্কাৰ কৰে আৰু তেজ চলাচল ভাল কৰে। যাৰ ফলত হাৰ্টৰ সমস্যাৰ আশংকা কমে।
৯. চুলিৰ বাবে অমৃত
চুলি সৰা, উফিৰ সমস্যাত তুলসীৰ ৰস নাৰিকল তেলত মিহলাই মূৰত লগালে চুলিৰ গুৰি মজবুত হয় আৰু চুলি ঘন হয়।
১০. কেঞ্চাৰৰ পৰা বচোৱাত সহায়ক
গৱেষণা অনুসৰি তুলসীত থকা এণ্টি-অক্সিডেণ্টে শৰীৰৰ ক্ষতিকাৰক কোষৰ বিৰুদ্ধে যুঁজে। সেয়ে নিয়মীয়াকৈ তুলসী খোৱাটো শৰীৰৰ বাবে অতি ভাল।
তুলসী পাত কেনেকৈ খাব?
– সহজ উপায়: ৰাতিপুৱা খালী পেটত ৪-৫ খিলা সতেজ তুলসী পাত ভালকৈ ধুই চোবাই খাওক।
– তুলসী চাহ:পানীত ৫-৬ খিলা তুলসী পাত, অলপ আদা দি উতলাই চাহৰ দৰে খাওক। চৰ্দিৰ বাবে এইটো সৰ্বোত্তম।
– মৌৰ সৈতে:কাহ হ’লে তুলসীৰ ৰসত ১ চাচ মৌ মিহলাই খাওক।
সাৱধানতা:
গৰ্ভৱতী মহিলা আৰু কোনো ডাঙৰ বেমাৰৰ ঔষধ খাই থকা লোকে তুলসী নিয়মীয়াকৈ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। কোনো বেমাৰত কেৱল তুলসীৰ ওপৰত ভৰসা নকৰিব।
