গুৱাহাটীবাসী সাৱধান! এই কাম নকৰিলে নাপাব অনুজ্ঞাপত্ৰ

Screenshot

গুৱাহাটীক লৈ GMC-ৰ ডাঙৰ পৰিকল্পনা!


এতিয়াৰ পৰা গুৱাহাটীত ঘৰে ঘৰে বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক হ’ব। মেয়ৰ মৃগেন শৰণীয়াই স্পষ্টকৈ জনাই দিছে, যি বিল্ডিঙত বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা নাথাকিব, সেই বিল্ডিঙে অনুজ্ঞাপত্ৰ নাপাব।
কেৱল পানী জমা কৰাই নহয়, বৰষুণৰ পানী যাতে মাটিৰ তললৈ সোমাই যাব পাৰে, তাৰো ব্যৱস্থা ৰাখিব লাগিব। বিল্ডিঙৰ তলৰ মহলাটো সম্পূৰ্ণ পকী বা টাইলচেৰে ঢাকিব নোৱাৰিব। গাঁৱৰ মাটিৰ চোতালৰ দৰে মাটিয়ে পানী শুহি ল’ব পৰাকৈ অলপ ঠাই এৰি দিব লাগিব।
গুৱাহাটীৰ পানীৰ নাটনি দূৰ কৰিবলৈকে GMC-য়ে এই নতুন নিয়ম আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *