ADREতৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ভাল খবৰ! স্থানীয় প্ৰাৰ্থীৰ বাবে আহিব পাৰে ডাঙৰ সুযোগ – মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Screenshot

অসমৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে আহিল ভাল খবৰ!

ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ চাকৰিত এতিয়াৰ পৰা স্থানীয় প্ৰাৰ্থীয়েহে অগ্ৰাধিকাৰ পাব। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া ADRE ৰ জৰিয়তে নিযুক্তি দিলে এখন জিলাৰ ল’ৰা আন এখন জিলাত চাকৰি পায়। ফলত নিজৰ জিলাৰ ল’ৰা-ছোৱালীয়ে সুযোগ নাপায়।

এই সমস্যা দূৰ কৰিবলৈ চৰকাৰে নতুন নীতি আনিবলৈ ওলাইছে। নতুন নীতি অনুসৰি স্কুল-কলেজৰ চতুৰ্থ বৰ্গৰ পদসমূহ সংশ্লিষ্ট অঞ্চলৰ ভিতৰতে ৰখা হ’ব। অৰ্থাৎ নিজৰ অঞ্চলৰ চাকৰি নিজৰ অঞ্চলৰ মানুহেই পাব।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, এই নতুন নীতিৰ বাবেই ADRE পৰীক্ষা পিছুৱাই দিয়া হৈছে। বিভিন্ন পৰ্যায়ত এই বিষয়ে আলোচনা চলি আছে।

নতুন নীতি আহিলে হাজাৰ হাজাৰ স্থানীয় যুৱক-যুৱতীয়ে উপকৃত হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *