কাজিৰঙাৰ দুৰ্ঘটনাৰ পাছতেই সৰৱ পৰিবহণ বিভাগ! একেলগে নিলম্বন ৬ পৰিবহণ বিষয়া

 

কাজিৰঙা — কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতেই এতিয়া কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ। দুৰ্ঘটনাৰ দায়িত্বক লৈ বিভাগটোৱে তৎকালীনভাৱে গ্ৰহণ কৰিলে ডাঙৰ পদক্ষেপ।

গোলাঘাট জিলাৰ এনফ’ৰ্চমেন্ট শাখাৰ একেলগে ৬গৰাকী বিষয়া নিলম্বন* কৰা হৈছে। তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ জাৰি হৈছে নিলম্বনৰ নিৰ্দেশ।

এই সিদ্ধান্তৰ পিছতেই ৰাজ্যজুৰি পৰিবহণ বিভাগত ব্যাপক চৰ্চা আৰম্ভ হৈছে। একেলগে ইমান সংখ্যক বিষয়াক নিলম্বন কৰা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

কোন কোন নিলম্বিত হ’ল?

নিলম্বিত ৬গৰাকীৰ ভিতৰত আছে ৪গৰাকী এনফ’ৰ্চমেন্ট চেকাৰ আৰু ২গৰাকী এছিছটেন্ট এনফ’ৰ্চমেন্ট ইন্সপেক্টৰ।

এনফ’ৰ্চমেন্ট চেকাৰ:
১. টুটু দত্ত
২. দুষ্যন্ত মাধৱ বৰুৱা
৩. বিশ্বজ্যোতি সন্দিকৈ
৪. সুদীপ্ত অনুৰাগ বৰা

এছিছটেন্ট এনফ’ৰ্চমেন্ট ইন্সপেক্টৰ:
১. ৰাজীৱ চন্দ্ৰ গগৈ
২. ক্ষীৰোদ নেওগ

কিয় এই কঠোৰ পদক্ষেপ?

পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা বিভাগটোৰ ওপৰত কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত প্ৰশ্ন উঠিছিল। তাৰ পিছতেই বিভাগে এই কঠোৰ প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰে।

এই পদক্ষেপে এতিয়া এনফ’ৰ্চমেন্ট ব্যৱস্থাৰ কাৰ্যকাৰিতাক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। আগন্তুক দিনত বিভাগে আৰু কি পদক্ষেপ লয়, তালৈ এতিয়া সকলোৰে চকু।

Leave a Reply

Your email address will not be published. Required fields are marked *