আপুনি দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰে, মাউথৱাছ ব্যৱহাৰ কৰে, তথাপিও ওচৰত কোনোবা আহিলে আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলায় নেকি? এই সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Halitosis বুলি কোৱা হয়। বহুতে ভাবে এইটো কেৱল দাঁত চাফা নকৰাৰ বাবে হয়, কিন্তু সত্য কথাটো হ’ল ব্ৰাছ কৰাৰ পিছতো দুৰ্গন্ধ থাকিলে ইয়াৰ কাৰণ মুখত নহয়, শৰীৰৰ ভিতৰতহে থাকে।
আহক জানো, কি সেই ৫টা ভয়ংকৰ কাৰণ –
১. জিভা – দুৰ্গন্ধ
আমি ৯০% মানুহে দাঁত ঘঁহি জিভা এনেকৈয়ে এৰি দিওঁ। কিন্তু আপোনাৰ জিভাৰ ওপৰত থকা বগা বা হালধীয়া আৱৰণটো হৈছে লাখ লাখ বেক্টেৰিয়াৰ ঘৰ। এই বেক্টেৰিয়াই মুখৰ খাদ্য কণা পচাই Sulfur গেছ উৎপন্ন কৰে, যাৰ পৰাই পচা কণীৰ দৰে গোন্ধ ওলায়।
সমাধান:প্ৰতিদিনে ব্ৰাছ কৰাৰ পিছত ভাল Tongue Scraper ৰে জিভাৰ গুৰিৰ পৰা আগলৈকে ৩-৪ বাৰ চাফা কৰক।
২. দাঁতৰ ফাঁকত লুকাই থকা পাথৰ আৰু কেৰিজ (Tartar & Cavity)
দাঁতৰ মাজত সোমাই থকা মাংস বা ভাতৰ কণা ব্ৰাছেৰে নাযায়। লাহে লাহে সেইবোৰ পচি তাৰ পৰাই গোন্ধ ওলায়। লগতে দাঁতত জমা হোৱা হালধীয়া পাথৰ (Tartar) তো বেক্টেৰিয়াৰ বংশ বৃদ্ধি হয়। আপুনি যিমানেই ব্ৰাছ নকৰক, পাথৰ নুগুচিলে গোন্ধ নাযায়।
সমাধান:কেৱল ব্ৰাছ নহয়, Floss ব্যৱহাৰ কৰাৰ অভ্যাস কৰক। প্ৰতি ৬ মাহৰ মূৰে মূৰে দাঁতৰ ডাক্তৰৰ ওচৰত গৈ Scaling কৰাওক।
৩. পেটৰ সমস্যা – ভিতৰৰ পৰা অহা গোন্ধ
যদি ব্ৰাছ কৰাৰ ১৫-২০ মিনিট পিছতেই আকৌ গোন্ধ আহে, তেন্তে বুজিব ইয়াৰ উৎস পেট। যিসকলৰ Acidity, Gas, Constipation বা GERD ৰ সমস্যা আছে, তেওঁলোকৰ পেটৰ এচিডযুক্ত গেছ মুখেৰে ওলাই আহে। ৰাতি দেৰিকৈ ভাত খোৱা, বেছি তেল-মচলাযুক্ত খাদ্য খোৱা মানুহৰ এই সমস্যা বেছি হয়।
সমাধান:ৰাতি ৯ বজাৰ আগত ভাত খোৱা শেষ কৰক। পানী বেছিকৈ খাওক আৰু হজমৰ বাবে দৈ, পাতল দাইল খাওক।
৪. মুখ শুকাই যোৱা ৰোগ (Dry Mouth)
আমাৰ মুখৰ লেলাউটিয়ে বেক্টেৰিয়াক মাৰি পেলায়। কিন্তু যেতিয়া আপুনি পানী কম খায়, ৰাতি মুখ মেলি শুৱে বা নাক বন্ধ হৈ থাকে, তেতিয়া মুখ শুকাই যায়। শুকান মুখত বেক্টেৰিয়া ১০ গুণ বেছি বাঢ়ে। সেয়ে পুৱা শুই উঠাৰ পিছত বেছি গোন্ধায়।
সমাধান:দিনটোত কমেও ৩ লিটাৰ পানী খাওক। মুখেৰে উশাহ লোৱাৰ অভ্যাস থাকিলে ENT ডাক্তৰক দেখুৱাওক।
৫. টনচিল ষ্টোন আৰু চাইনাছ
বহুতৰে ডিঙিৰ ভিতৰত টনচিলত সৰু সৰু বগা, গুটিৰ দৰে পাথৰ জমা হয়, যাক Tonsil Stone বোলে। এই পাথৰটোৱে ইমান বেয়া গোন্ধ দিয়ে যে গোটেই ৰুমতে গম পোৱা যায়। ইয়াৰ উপৰিও যিসকলৰ পুৰণি চাইনাছৰ সমস্যা আছে, তেওঁলোকৰ নাকৰ পৰা পুঁজ মুখলৈ আহি দুৰ্গন্ধৰ সৃষ্টি কৰে।
কেতিয়া ডাক্তৰৰ ওচৰলৈ যাব?
যদি এইবোৰ কৰাৰ পিছতো ২ সপ্তাহতকৈ বেছি দুৰ্গন্ধ থাকে, তেন্তে ঘৰুৱা উপায়েৰে সময় নষ্ট নকৰিব। লগে লগে এজন Dentist আৰু তাৰ পিছত এজন Medicine Specialist ক লগ কৰক। কাৰণ কেতিয়াবা ডায়েবেটিছ আৰু লিভাৰৰ বেয়া হ’লেও মুখত দুৰ্গন্ধ আহে।
মনত ৰাখিব:এটা ভাল মাউথৱাছে গোন্ধ ১ ঘণ্টাৰ বাবে ঢাকিব পাৰে, কিন্তু ৰোগ ভাল কৰিব নোৱাৰে। গুৰিৰ পৰা সমাধান কৰক
