শিক্ষক দিৱসৰ তাৎপৰ্য ..৫ ছেপ্টেম্বৰ শিক্ষক দিৱস কিয় পালন কৰা হয়? ইতিহাস আৰু গুৰুত্ব
শিক্ষক দিৱস কেৱল এটা উৎসৱ নহয়, ই হৈছে কৃতজ্ঞতাৰ দিন। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত অতি শ্ৰদ্ধা আৰু মৰমেৰে শিক্ষক দিৱস পালন কৰা হয়। মাতৃয়ে আমাক জন্ম দিয়ে কিন্তু শিক্ষকে আমাক জীৱন দিয়ে। শিক্ষকে আমাক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যায়। আখৰ চিনিব নোৱাৰা শিশু এটাক শিক্ষকে ডাক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, শিক্ষক আৰু এজন ভাল মানুহ হবলৈ শিকায়। সেয়ে কোৱা হয় শিক্ষক হৈছে মানুহ গঢ়াৰ খনিকৰ। শিক্ষক অবিহনে কোনো সমাজ, কোনো দেশ আগবাঢ়িব নোৱাৰে।
আপুনি জানেনে ৫ ছেপ্টেম্বৰতেই কিয় শিক্ষক দিৱস পালন কৰা হয়?
ইয়াৰ আঁৰত এটা বহুত ডাঙৰ ইতিহাস লুকাই আছে। ৫ ছেপ্টেম্বৰ দিনটো ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন, মহান দাৰ্শনিক আৰু আদৰ্শ শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পবিত্ৰ জন্মজয়ন্তী। তেওঁৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তামিলনাডুত। তেওঁ আছিল বিশ্বৰ এজন শ্ৰেষ্ঠ শিক্ষক। তেওঁ কৈছিল গোটেই পৃথিৱীত শিক্ষকেই হৈছে সৰ্বশ্ৰেষ্ঠ। তেওঁৰ ছাত্ৰ ছাত্ৰী সকলে তেওঁৰ জন্মদিনটো ডাঙৰকৈ পালন কৰিব বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল মোৰ জন্মদিনটো মোৰ ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি যদি সমগ্ৰ দেশৰ সকলো শিক্ষকৰ সন্মানৰ বাবে পালন কৰা তেন্তে মই বেছি সুখী হম। তেওঁৰ এই মহান কথাষাৰৰ বাবেই ১৯৬২ চনৰ পৰা আজিলৈ প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰি অহা হৈছে।
শিক্ষক দিৱসৰ তাৎপৰ্য কেৱল এদিনৰ বাবে ফুল এপাহ দিয়াতে শেষ নহয়। এই দিনটোৱে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। শিক্ষকে কেৱল ব্লেকবৰ্ডত অংক বা বিজ্ঞানৰ সূত্ৰই নিলিখে, তেওঁ আমাৰ জীৱনৰ ভুলবোৰ শুধৰাই দিয়ে। কেনেকৈ মানুহক সন্মান কৰিব লাগে, কেনেকৈ সৎ হব লাগে, কেনেকৈ জীৱনত হাৰ নামানি আগবাঢ়িব লাগে এই সকলো শিক্ষকে শিকায়। এজন ভাল শিক্ষকৰ এষাৰ কথাই এজন বেয়া ছাত্ৰকো ভাল ৰাস্তালৈ আনিব পাৰে। আজিৰ এই মোবাইল, গুগল, ইউটিউবৰ যুগত সকলো তথ্য পোৱা যায় কিন্তু সংস্কাৰ আৰু চৰিত্ৰ কেৱল শিক্ষকেহে দিব পাৰে। গুগলে আপোনাক জ্ঞান দিব কিন্তু জ্ঞানক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিক্ষকেহে শিকাব।
আজিৰ দিনটোত প্ৰতিখন স্কুল কলেজতে শিক্ষক দিৱস অতি উলহ মালহেৰে পালন কৰা হয়। ছাত্ৰ ছাত্ৰী সকলে শিক্ষক সকলক ফুল, কলম, গামোচাৰে সন্মান জনায়। কিছুমান স্কুলত ছাত্ৰই শিক্ষকৰ ভাও লয় যাতে শিক্ষকৰ কষ্ট বুজিব পাৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰপতিয়ে শ্ৰেষ্ঠ শিক্ষক সকলক বঁটা প্ৰদান কৰে। আমাৰ অসমতো প্ৰতিখন জিলাতে শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। কিন্তু প্ৰকৃত শিক্ষক দিৱস তেতিয়াহে সফল হব যেতিয়া আমি বছৰৰ ৩৬৫ দিনেই শিক্ষকক সন্মান কৰিম। ৰাস্তাত শিক্ষকক দেখিলে সেৱা কৰিম, তেওঁৰ কথা মানিম আৰু তেওঁ দেখুওৱা বাটেৰে আগবাঢ়ি যাম। আহক আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনা আমি সকলোৱে আমাৰ জীৱনৰ প্ৰতিজন শিক্ষকক মনৰ পৰা প্ৰণাম জনাও আৰু কওঁ আপোনালোকৰ বাবেই আজি আমি এইখিনি পাইছো।
