নিশা ব্ৰা পিন্ধি শোৱে নেকি? তেন্তে আজিয়েই সাৱধান হওক!৯০% মহিলাই নাজানে এই সত্য!

Screenshot

বহু মহিলাৰে মনত এই প্ৰশ্নটো আহে – নিশা ব্ৰা পিন্ধি শুব লাগে নে খুলি শুব লাগে? চিকিৎসকসকলৰ মতে, ৰাতি ব্ৰা খুলি শোৱাটো বেছিভাগ মহিলাৰ বাবে বেছি আৰামদায়ক আৰু স্বাস্থ্যকৰ।

ইয়াৰ ৪টা ডাঙৰ উপকাৰিতা:

১. তেজ চলাচল ভাল হয়
দিনটো টাইট ব্ৰা, বিশেষকৈ আণ্ডাৰৱায়াৰ থকা ব্ৰা পিন্ধি থাকিলে কান্ধ, পিঠি আৰু বুকুৰ চাৰিওফালে সদায় চাপ পৰি থাকে। ইয়াৰ ফলত কান্ধৰ বিষ, পিঠিৰ বিষ হয়। নিশা ব্ৰা খুলি শুলে পেশীবোৰে সম্পূৰ্ণ আৰাম পায় আৰু তেজ চলাচল ভাল হয়।

২. ছালৰ সমস্যা কমে
ব্ৰাৰ ষ্ট্ৰেপ আৰু হুকেৰে দিনটো ঘঁহনি খাই খাই ছাল ৰঙা পৰা, খজুৱতি হোৱা, ঘাম জমা হৈ ৰঙা দাগ পৰা সাধাৰণ কথা। গৰমত ইয়াৰ পৰা ফোঁহা, ঘামচিও হয়। ৰাতি খুলি শুলে ছালে উশাহ ল’ব পাৰে আৰু এই সমস্যাবোৰ বহুত কমি যায়।

৩. টোপনি গভীৰ হয়
টাইট কাপোৰ পিন্ধি শুলে টোপনিৰ মাজত অস্বস্তি হয়। শৰীৰৰ উষ্ণতাও বাঢ়ি যায়। আৰামদায়ক অৱস্থাত শুলে শৰীৰটো বেছি ৰিলেক্স হয় আৰু টোপনি গভীৰ আৰু শান্তিৰ হয়।

৪. স্তনৰ স্বাস্থ্যৰ বাবে ভাল
ৰাতি কোনো টাইট চাপ নপৰাকৈ থাকিলে স্তনৰ চাৰিওফালে লিম্ফেটিক ড্ৰেইনেজ অৰ্থাৎ তৰল পদাৰ্থৰ চলাচল ভাল হয়। ই ফুলা ভাৱ কমোৱাত সহায় কৰে।

যদি আপোনাৰ ব্ৰা নিপিন্ধাকৈ শুলে অস্বস্তি লাগে, ওলমি থকা অনুভৱ হয় বা বিষ হয়, তেন্তে জোৰকৈ খুলিব নালাগে।

ইয়াৰ বাবে সমাধান হ’ল – ঢিলা, কপাহী, আণ্ডাৰৱায়াৰ নথকা, আৰামদায়ক স্লিপ ব্ৰা বা স্পৰ্টছ ব্ৰা এটা পিন্ধি শুব পাৰে।

মনত ৰাখিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা:
দিনটো পিন্ধা টাইট, পেডেড, ষ্টীল ৰিঙ থকা ব্ৰা টো ৰাতি কেতিয়াও পিন্ধি নাথাকিব। ৰাতি শৰীৰক সম্পূৰ্ণ আৰাম দিয়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *