নিউজ ডেস্ক: বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা সংঘটিত কৰাৰ সন্দেহত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ৫০টা সামাজিক মাধ্যমৰ একাউণ্টৰ অনুসন্ধান আৰম্ভ কৰিছে।
চিআইডিয়ে সন্দেহজনক একাউণ্টসমূহৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ পৰিমাণ, ধন প্ৰেৰণৰ পদ্ধতি আৰু সংশ্লিষ্ট লোকসকলৰ পৰিচয় সম্পৰ্কে তথ্য সংগ্ৰহ কৰি আছে। তদন্তৰ জৰিয়তে এই ধন প্ৰকৃততে বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল নে ব্যক্তিগতভাৱে আত্মসাৎ কৰা হৈছিল, সেয়া নিৰ্ধাৰণ কৰাৰ চেষ্টা চলোৱা হৈছে।
তদন্তকাৰী সংস্থাই ৰাইজক সামাজিক মাধ্যমত প্ৰচাৰিত সাহায্যৰ আহ্বানৰ প্ৰতি সতৰ্ক থাকিবলৈ আৰু পৰীক্ষা নকৰাকৈ কোনো একাউণ্টলৈ ধন প্ৰেৰণ নকৰিবলৈ আহ্বান জনাইছে।
