ডায়েবেটিছ মানেই মাথোঁ তেজত চুগাৰ বঢ়া নহয়। এই ৰোগে লাহে লাহে শৰীৰৰ ভিতৰৰ পৰা ক্ষতি কৰি যায়। দীৰ্ঘদিন ধৰি চুগাৰ নিয়ন্ত্ৰণত নাথাকিলে আটাইতকৈ প্ৰথমে আৰু আটাইতকৈ বেছি ক্ষতি হয় আমাৰ ভৰিৰ।
বহু মানুহে ভাবে, ভৰিত অলপ বিষ হৈছে, অলপ ফাটিছে, এয়া সাধাৰণ কথা। কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে এই সাধাৰণ যেন লগা লক্ষণবোৰেই হ’ব পাৰে ডাঙৰ বিপদৰ আৰম্ভণি। সময়ত চিকিৎসা নকৰিলে সৰু ঘা এটাৰ পৰাই সংক্ৰমণ হৈ আনকি ভৰি কাটিবলগীয়াও হ’ব পাৰে।
সেয়ে আজি জানো আহক, ডায়েবেটিছত ভৰিৰ সমস্যা কিয় হয়, ইয়াৰ লক্ষণ কি, আৰু কেনেকৈ নিজৰ ভৰি সুৰক্ষিত ৰাখিব পাৰি।
ডায়েবেটিছত ভৰিৰ সমস্যা কিয় হয়?
ডায়েবেটিছত ভৰিৰ সমস্যা হোৱাৰ মূলত ২টা কাৰণ আছে।
১. স্নায়ুৰ ক্ষতি (Neuropathy):
চুগাৰ বেছি দিন বাঢ়ি থাকিলে ভৰিৰ স্নায়ুবোৰ দুৰ্বল হৈ পৰে। ফলত ভৰিত গৰম, ঠাণ্ডা, বিষ বা কাঁইট বিন্ধাৰ অনুভৱ কমি যায়। আপুনি গমেই নাপাব যে ভৰিত ক’ত কাটিছে বা ফোঁহা হৈছে।
২. ৰক্ত সঞ্চালন কমি যোৱা:
ডায়েবেটিছে ৰক্তবাহী নলীবোৰ সৰু কৰি দিয়ে। ফলত ভৰিলৈ পৰ্যাপ্ত তেজ আৰু অক্সিজেন নাযায়। তেজ কমকৈ যোৱাৰ বাবে ঘা শুকাবলৈ বহু দিন লাগে আৰু সংক্ৰমণৰ আশংকা বাঢ়ে।
এই দুয়োটা কাৰণ একেলগে হ’লে ভৰিৰ সমস্যা ভয়ংকৰ ৰূপ ল’ব পাৰে।
ভৰিয়ে আগতীয়াকৈ দিয়ে এই ৫টা Signal
১. জিনজিননি, অসাৰতা বা জ্বলা-পোৰা:
ভৰিত সঘনাই জিনজিননি, চুই চালে গম নোপোৱা বা জ্বলা-পোৰা কৰিলে বুজিব স্নায়ুৰ ক্ষতি আৰম্ভ হৈছে।
২. ছাল শুকাই ফাটি যোৱা:
ভৰিৰ ছাল অতিপাত শুকান হৈ ফাটি যোৱা, গোৰোহা ফটা – এয়া সাধাৰণ নহয়। ফটা ছালৰ মাজেৰে বীজাণু সোমাই সংক্ৰমণ হ’ব পাৰে।
৩. ভৰি ফুলি ৰঙা পৰা বা গৰম হোৱা:
এখন ভৰি আনখনতকৈ বেছি ফুলিলে, ৰঙা পৰিলে বা চুলেই গৰম যেন লাগিলে লগে লগে সাৱধান হওক।
৪. কটা-ছিঙা ঘা নুশুকোৱা:
সাধাৰণ মানুহৰ ঘা ৩-৪ দিনতে শুকায়। কিন্তু ডায়েবেটিছ ৰোগীৰ ঘা ১ সপ্তাহতকৈ বেছি দিনলৈ নুশুকিলে এয়া বিপদৰ সংকেত।
৫. ঘাৰ পৰা পুঁজ বা দুৰ্গন্ধ ওলোৱা:
ঘাৰ পৰা পুঁজ, পানী বা বেয়া গোন্ধ ওলালে বুজিব সংক্ৰমণ হৈছে। এনে অৱস্থাত ঘৰতে বহি নাথাকিব।
ভৰি বচাবলৈ ৭টা সোণালী নিয়ম
১. প্ৰতিদিনে ভৰি পৰীক্ষা কৰক:
ৰাতি শোৱাৰ আগত ভৰিৰ তলুৱা, গোৰোহা, আঙুলিৰ মাজৰ অংশ ভালকৈ চাওক। তলুৱা চাবলৈ আইনা ব্যৱহাৰ কৰক। চকুৰে নেদেখিলে ঘৰৰ কাৰোবাক চাবলৈ কওক।
২. চুগাৰ নিয়ন্ত্ৰণত ৰাখক:
ভৰিৰ সুৰক্ষাৰ আটাইতকৈ ডাঙৰ উপায় হৈছে চুগাৰ কণ্ট্ৰল। চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খাওক, খাদ্যাভ্যাস মানি চলক আৰু নিয়মীয়াকৈ খোজ কাঢ়ক।
৩. খালী ভৰিৰে কেতিয়াও খোজ নাকাঢ়িব:
ঘৰৰ ভিতৰতো চেণ্ডেল পিন্ধক। বাহিৰত গ’লে নৰম আৰু আৰামদায়ক জোতা পিন্ধক। টাইট জোতা, হাই হিল পৰিহাৰ কৰক।
৪. ভৰি সদায় পৰিষ্কাৰ আৰু শুকানকৈ ৰাখক:
প্ৰতিদিনে কুহুমীয়া পানীৰে ভৰি ধুওক। ধোৱাৰ পাছত নৰম গামোচাৰে ভালদৰে মচি শুকুৱাওক। বিশেষকৈ আঙুলিৰ মাজত পানী থাকিব নালাগে।
৫. মোজা আৰু জোতাৰ যত্ন লওক:
প্ৰতিদিনে পৰিষ্কাৰ কপাহী মোজা পিন্ধক। জোতা পিন্ধাৰ আগতে ভিতৰত কাঁইট, শিলগুটি বা কিবা আছে নেকি চাই লওক।
৬. নিজে ঘা, কড়া নাকাটিব:
ভৰিৰ কড়া, ফোঁহা বা ঘা নিজে ব্লেডেৰে কাটিবলৈ চেষ্টা নকৰিব। নখ কাটোতে সাৱধান হওক, বেছি চুটি নকৰিব।
৭. ধূমপানৰ পৰা দূৰত থাকক:
ধূমপানে ৰক্ত সঞ্চালন আৰু বেয়া কৰি দিয়ে। ডায়েবেটিছ ৰোগীয়ে ধূমপান কৰিলে ভৰিৰ সমস্যা ২ গুণ বাঢ়ে।
কেতিয়া লগে লগে ডাক্তৰৰ ওচৰলৈ যাব?
– ভৰিত নতুন ঘা হ’লে
– পুঁজ ওলালে, ক’লা বা নীলা পৰিলে
– হঠাতে ভৰি ফুলিলে বা বিষ বাঢ়িলে
– ঘাৰ লগত জ্বৰ আহিলে
– ভৰিৰ ৰং সলনি হ’লে
এনে অৱস্থাত পলম নকৰিব। চিকিৎসকে ঘাৰ ড্ৰেছিং, এণ্টিবায়’টিক, বিশেষ জোতা বা প্ৰয়োজন হ’লে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিব পাৰে।
চিকিৎসা কেনেকৈ হয়?
ভৰিৰ সমস্যাৰ চিকিৎসা ঘাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। সৰু ঘা হ’লে নিয়মীয়া ড্ৰেছিং আৰু ঔষধেৰেই ভাল হয়। ডাঙৰ সংক্ৰমণ হ’লে এণ্টিবায়’টিক লাগে। ৰক্ত সঞ্চালন বেয়া হ’লে তাৰ বাবে সুকীয়া চিকিৎসা কৰা হয়। বছৰত অন্ততঃ এবাৰ সম্পূৰ্ণ ভৰিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাটো অতি জৰুৰী।
ডায়েবেটিছ ৰোগীৰ বাবে ভৰিৰ যত্ন কোনো ঐচ্ছিক বিষয় নহয়। ই দৈনন্দিন স্বাস্থ্য সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ।
মনত ৰাখিব, ভৰিৰ সৰু ঘা এটাকো অৱহেলা নকৰিব। আজিৰ সামান্য সাৱধানতাই কাইলৈ আপোনাৰ ভৰি বচাব পাৰে, আপোনাৰ জীৱন বচাব পাৰে।
