আজি ধনতেৰাছ! ভুলতো এই কাম নকৰিব, নহ’লে ঘৰৰ পৰা লক্ষ্মী যাবগৈ

Screenshot

আজি ধনতেৰাছ। দীপাৱলীৰ ৫ দিনীয়া উৎসৱৰ প্ৰথম দিন। আজিৰ দিনটোত মা লক্ষ্মীয়ে ঘৰে ঘৰে আহে বুলি বিশ্বাস কৰা হয়।

কিন্তু আপুনি জানেনে? আজিৰ দিনটোত কিছুমান সৰু ভুল কৰিলেই লক্ষ্মীয়ে ৰুষ্ট হৈ ঘৰ এৰি যাব পাৰে। সেয়ে আজি ভুলতো এই কামবোৰ নকৰিব।

১. ঘৰ লেতেৰা কৰি নাৰাখিব

ধনতেৰাছৰ দিনা ঘৰ লেতেৰা হৈ থাকিলে লক্ষ্মীয়ে কেতিয়াও নোসোমায়। ৰাতিপুৱাই ঘৰ-দুৱাৰ, মূল দুৱাৰ ভালকৈ পৰিষ্কাৰ কৰক।

২. কাকো ধাৰ নিদিব

আজিৰ দিনটোত কাকো টকা ধাৰ দিব নালাগে। ধাৰ দিলে ঘৰৰ লক্ষ্মীও ওলাই যায় বুলি বিশ্বাস। একেদৰে আজি ধাৰ লোৱাটোও অশুভ।

৩. ঘৰত কাজিয়া নকৰিব

আজিৰ দিনটোত ঘৰত চিঞৰ-বাখৰ, কাজিয়া কৰিলে ঘৰত নেতিবাচক শক্তি আহে। লক্ষ্মীয়ে শান্তি থকা ঘৰতহে বাস কৰে।

৪. ক’লা কাপোৰ নিপিন্ধিব

ধনতেৰাছত ক’লা ৰঙৰ কাপোৰ পিন্ধাটো অশুভ বুলি মানা হয়। আজি ৰঙা, হালধীয়া, গোলাপী ৰঙৰ কাপোৰ পিন্ধক।

৫. খালি হাতে ঘৰ নোসোমাব

বজাৰৰ পৰা আহোঁতে খালি হাতে নাহিব। অন্ততঃ এটা ফুল, ধনীয়া গুটি বা মিঠাই লৈ আহিব। খালি হাতে অহাটো দৰিদ্ৰতাৰ প্ৰতীক।

৬. সন্ধিয়া ঘৰ আন্ধাৰ কৰি নাৰাখিব

আজি সন্ধিয়া ঘৰৰ মূল দুৱাৰত ১৩ ডাল চাকি জ্বলাব লাগে। ঘৰ আন্ধাৰ হৈ থাকিলে লক্ষ্মীয়ে বাট বিচাৰি নাপায়।

আজি কি কৰিব লাগে?

– সন্ধিয়া লক্ষ্মী-গণেশৰ পূজা কৰক
– নতুন ঝাড়ু এডাল কিনি ঘৰত ৰাখক
– দুখীয়াক অলপ দান কৰক

মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰ ধন-ধান্যৰে ভৰি পৰক। সকলোলৈকে ধনতেৰাছৰ শুভেচ্ছা থাকিল।

Leave a Reply

Your email address will not be published. Required fields are marked *