আগৰ দিনত আমাৰ আইতা-ককাৰ ঘৰ মানেই আছিল সোৱাদৰ ভঁৰাল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰখনত কিবা নহয় কিবা বনিয়েই আছিল। এতিয়া চহৰত পিজ্জা, বাৰ্গাৰ, ম’মো পোৱা যায়, কিন্তু সেই পুৰণি দিনৰ সোৱাদ এতিয়া ক’ত পাব?
আহকচোন, মনত পেলাওঁ সেই হেৰাই যাবলৈ ধৰা পুৰণি অসমীয়া খাদ্যবোৰ। আপুনি কিমানটা খাই পাইছে চাওকচোন!
১. পইতা ভাত
ৰাতিৰ ভাত পানীত তিয়াই থৈ ৰাতিপুৱা খোৱা পইতা ভাত। লগত কেঁচা পিয়াঁজ, জলকীয়া, আলু পিটিকা আৰু অলপ মিঠাতেল। গৰমৰ দিনত ইয়াতকৈ ভাল জলপান একো নাছিল।
২. কোমল চাউল, গুৰ আৰু গাখীৰ
বিহুৰ ৰাতিপুৱা মানেই কোমল চাউল। গুৰ আৰু ঠাণ্ডা গাখীৰেৰে খালে মনটোৱেই ভাল লাগি যায়। এতিয়াৰ ল’ৰা-ছোৱালীয়ে এই সোৱাদ পাহৰিয়েই গৈছে।
৩. মাটিমাহৰ খাৰ
অসমীয়া মানুহৰ ভাতৰ পাতত খাৰ নহ’লে ভাত খোৱাই নহয়। কলৰ খাৰেৰে বনোৱা মাটিমাহৰ খাৰ, লগত অলপ লাই শাক। এয়া অকল খাদ্য নহয়, এয়া অসমীয়াৰ পৰিচয়।
৪. মাছৰ টেঙা
ঔ টেঙা, কেঁচা আমেৰে বনোৱা মাছৰ টেঙা। গৰমৰ দিনত দুপৰীয়াৰ ভাতৰ লগত মাছৰ টেঙা নহ’লে ভাত খাই ভালেই নালাগিছিল।
৫. পিটিকাৰ সম্ভাৰ
আলু পিটিকা, বেঙেনা পিটিকা, কণী পিটিকা, মাছ পিটিকা। মাকৰ হাতেৰে বনোৱা পিটিকাৰ সোৱাদ হোটেলত কেতিয়াও নাপাব।
৬. তিল পিঠা আৰু ঘিলা পিঠা
মাঘ বিহু মানেই পিঠা। তিল আৰু গুৰ ভৰাই বনোৱা তিল পিঠা, তেলত ভজা ঘিলা পিঠা। আইতাই বনাই দিয়া পিঠাৰ বাবে আমি ৰাতি উজাগৰে থাকিছিলো।
৭. চুঙা পিঠা
বাঁহৰ চুঙাত ভৰাই জুইত পুৰি বনোৱা চুঙা পিঠা। ইয়াৰ গোন্ধটোৱেই বেলেগ আছিল। এতিয়া গাঁৱতো খুব কমকৈহে দেখা যায়।
৮. চিৰা-দৈ-গুৰ
আলহী আহিলে আগতে চিৰা-দৈ-গুৰ দিয়া হৈছিল। এতিয়া চাহ-বিস্কুটে তাৰ ঠাই ল’লে। কিন্তু চিৰাৰ সোৱাদ আজিও জিভাত লাগি আছে।
৯. হুৰুম আৰু সান্দহ গুৰি
ৰাতিপুৱাৰ জলপানত হুৰুম, সান্দহ গুৰি। গাখীৰ আৰু গুৰেৰে খালে পেটো ভৰে, মনো ভৰে।
১০. কলপাতত মাছ পোৰা
কলপাতত মেৰিয়াই জুইত পোৰা মাছ। মছলা কম, কিন্তু সোৱাদ বেছি। এতিয়া এইবোৰ বনাবলৈ সময়েই নাই কাৰো।
১১. শিদল ভাজি আৰু শুকান মাছ
গোন্ধৰ বাবে বহুতে নাখায়, কিন্তু যিয়ে খাইছে সিয়ে জানে শিদল ভাজিৰ সোৱাদ। ভাতৰ লগত অলপ শিদল হ’লেই হ’ল।
১২. কাঠ আলু পোৰা
জুইত পুৰি খোৱা কাঠ আলু। শীতৰ ৰাতি জুইৰ কাষত বহি কাঠ আলু পোৰা খোৱাৰ মজাই বেলেগ আছিল।
১৩. নাৰিকলৰ লাৰু আৰু তিলৰ লাৰু
বিহুত লাৰু নহ’লে বিহুৱেই নহয়। ঘৰে ঘৰে লাৰু, পিঠাৰে আলহীক আদৰাৰ দিনবোৰ এতিয়া সপোন যেন লাগে।
এই খাদ্যবোৰ মাথোঁ খাদ্য নহয়, এইবোৰ আমাৰ শৈশৱ, আমাৰ সংস্কৃতি। নতুন প্ৰজন্মক এই সোৱাদৰ চিনাকি কৰাই দিয়াটো আমাৰ দায়িত্ব।
