নিউজ ডেস্ক: বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসমৰ ৰে’লপথ মেৰামতি সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ ৰে’ল চলাচল আৰম্ভ হৈছে। ৰে’লপথৰ যোগাযোগ ব্যৱস্থা স্বাভাৱিক হোৱাত যাত্ৰীসকলে সকাহ লাভ কৰিছে।
ক্ষতিগ্ৰস্ত অংশ মেৰামতি কৰি ৰে’ল চলাচলৰ বাবে পথটো পুনৰ মুকলি কৰা হৈছে। ইয়াৰ ফলত বানৰ বাবে ব্যাহত হোৱা ৰে’ল সেৱা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।
