ডিজিটেল ডেস্কঃ হয়তো বেয়া দিন আৰম্ভ হৈছে ইলন মাস্কৰ ! মহাকাশ গৱেষণা প্ৰতিষ্ঠান ‘স্পেচএক্স’ (SpaceX) শ্বেয়াৰ বজাৰত পঞ্জীয়ন হোৱাৰ পিছত গঢ়ি তোলা অভিলেখৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে এক অভূতপূৰ্ব বিত্তীয় পতনৰ সন্মুখীন হৈছে বিশ্বৰ শীর্ষ ধনকুবৰ মাস্ক।
জানিব পৰা মতে, ১ আগষ্টলৈকে মাস্কৰ মুঠ সম্পত্তি প্ৰায় ৬৯০ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ইলন মাস্কৰ এই লোকচান এজন ব্যক্তিৰ বাবে এমাহত হোৱা ইতিহাসৰ সৰ্ববৃহৎ বিত্তীয় লোকচান হিচাপে চিহ্নিত হৈছে। ২০২৫ চনৰ ডিচেম্বৰৰ পিছত মাস্কৰ সম্পত্তিৰ পৰিমাণ ইমান নিম্নগামী হোৱা নাছিল।
উল্লেখ্য যে, বিগত ১২ জুনত ‘স্পেচএক্স’ শ্বেয়াৰ বজাৰত অন্তৰ্ভুক্ত হোৱাৰ পিছতে মাস্ক বিশ্ব ইতিহাসত ১ ট্ৰিলিয়ন (১ লাখ কোটি) ডলাৰৰ সম্পত্তি সংগ্ৰহ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। কিন্তু তাৰ পিছৰ মাহতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ ফলত এই সম্পত্তিৰ এক বৃহৎ অংশ কমি যায়। অৱশ্যে, এই অভাৱনীয় লোকচানৰ সন্মুখীন হোৱাৰ পিছতো এতিয়াও বিশ্বৰ প্ৰতিগৰাকী ধনকুবৰতকৈ তেওঁ যথেষ্ট আগবাঢ়ি আছে।
মাস্কৰ এই একমাহৰ লোকচানৰ পৰিমাণ ধনকুবৰৰ তালিকাত তেওঁৰ ঠিক তলত থকা আন ৯ গৰাকী ব্যক্তিৰ প্ৰত্যেকৰে সুকীয়া সৰ্বমুঠ সম্পত্তিৰ মানতকৈও অধিক। তেওঁৰ সম্পত্তিত হোৱা এই হ্ৰাসৰ বাবেই বিশ্বৰ ১০ গৰাকী আটাইতকৈ ধনী ব্যক্তিৰ সন্মিলিত সম্পত্তি প্ৰায় ৩৬৮ বিলিয়ন ডলাৰ হ্ৰাস পাই সম্প্ৰতি ২.৬ ট্ৰিলিয়ন ডলাৰ হৈছেগৈ।
