এ পি এলত এতিয়ালৈ কাৰ নামত সৰ্বোচ্চ ৰানৰ ইনিংছ…

ডিজিটেল ডেস্ক : বৰ্ষাপাৰাত চলি থকা অসম প্ৰিমিয়াৰ লীগত কৃতিত্ব অৰ্জন কৰিছে বৰাক লিজেণ্ডছৰ বিশাল সাহাই। বৃহস্পতিবাৰে দিনৰ ভাগত অনুষ্ঠিত বৰাক লিজেণ্ডছ আৰু যোৰহাট ষ্টেলিয়নছৰ মাজৰ খেলখনত বিশাল সাহাই প্ৰতিযোগিতাৰ সৰ্বাধিক ব্যক্তিগত ৰানৰ গৰাকী হৈ এই কৃতিত্ব অৰ্জন কৰে।

বিশালে আজিৰ এই মেচখনত ৭১ ৰানৰ  এক চমকপ্ৰদ ইনিংছ খেলিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, পোনতে বেট ধৰি বৰাকে বিশালৰ এই শক্তিশালী ৰানৰ সহায়ত মাত্ৰ ৪টা উইকেট হেৰুৱাই ১৭০ ৰান সংগ্ৰহ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *