জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিছে। ৯ অক্টোবৰত ফাষ্টট্ৰেক আদালতৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে তেওঁৰ জামিন মঞ্জুৰ কৰে।
আদালতে তদন্তৰ তথ্য-প্ৰমাণ, সাক্ষ্যৰ অৱস্থা আৰু অমৃতপ্ৰভাই কাৰাগাৰত কটোৱা সময় বিবেচনা কৰি এই সিদ্ধান্ত লয়। তথ্য অনুসৰি, হত্যাৰ ষড়যন্ত্ৰ আৰু জুবিন গাৰ্গক সুৰাপান কৰোৱাৰ অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ আদালতে লাভ কৰা নাছিল।
জামিন পালেও মানিব লাগিব কঠোৰ চৰ্ত। চৰ্ত উলংঘা কৰিলে জামিন বাতিল হ’ব।
আদালতৰ ৮টা চৰ্ত
১. প্ৰমাণ নষ্ট কৰিব নোৱাৰিব
২. সাক্ষীক প্ৰভাৱিত বা ভাবুকি দিব নোৱাৰিব
৩. বিচাৰ প্ৰক্ৰিয়াত সহযোগিতা কৰিব লাগিব
৪. আদালতৰ অনুমতি অবিহনে বিদেশ যাত্ৰা নিষিদ্ধ
৫. নিজৰ সুৰক্ষাৰ দায়িত্ব নিজে ল’ব লাগিব
৬. নিজৰ ক্ষতি কৰিব নোৱাৰিব
৭. দৈনিক শুনানিত আদালতত হাজিৰ হ’ব লাগিব
৮. ৫০ হাজাৰ টকাৰ বেইল বণ্ড আৰু দুজন জামিনদাৰ দিব লাগিব
