বৰ্তমান বতৰ সলনি হোৱাৰ লগে লগে বহুতৰে উশাহত কষ্ট, বুকুত চেপা খোৱা, কাহ আৰু চিঞৰাৰ দৰে শব্দ ওলোৱা সমস্যা দেখা যায়। ইয়াকে আমি সাধাৰণতে হাঁপানি বা এজমা বুলি কওঁ। হাঁপানি ৰোগ সম্পূৰ্ণৰূপে ভাল নহয় যদিও নিয়ম মানি চলিলে ইয়াক সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিন্তু আমি অজানিতে কৰা ৫টা ভুলৰ বাবে এই ৰোগ বেছি ভয়ংকৰ হৈ পৰে।
১. ইনহেলাৰ ব্যৱহাৰত লাজ বা ভয় কৰা:বহুতে ভাবে ইনহেলাৰ এবাৰ ল’লে গোটেই জীৱন ল’ব লাগে, এইটো ভুল ধাৰণা। চিকিৎসকে দিয়া ইনহেলাৰ হৈছে হাঁপানিৰ আটাইতকৈ সুৰক্ষিত আৰু ফলপ্ৰসূ চিকিৎসা। ই পোনে পোনে হাওঁফাওঁত গৈ কাম কৰে আৰু শৰীৰত বেছি পাৰ্শ্বক্ৰিয়া নকৰে। লাজ কৰি ইনহেলাৰ নল’লে হঠাৎ এটেক আহি হস্পিটেলত ভৰ্তি হ’বলগীয়া হ’ব পাৰে।
২. ধূলি, ধোঁৱা আৰু ঠাণ্ডাৰ পৰা আঁতৰি নথকা:হাঁপানিৰ প্ৰধান শত্ৰু হৈছে ধূলি, চিগাৰেটৰ ধোঁৱা, মটৰ গাড়ীৰ ধোঁৱা, সুগন্ধি আৰু ঠাণ্ডা বতাহ। ঘৰত পুৰণি লেপ-তুলি, পৰ্দা, কাৰ্পেটত বহুত ধূলি জমা হৈ থাকে। সেইবোৰ সদায় চাফা কৰি ৰাখক। ৰাতিপুৱা কুঁৱলী আৰু ঠাণ্ডাত বাহিৰলৈ ওলাওঁতে মাস্ক ব্যৱহাৰ কৰক। ঘৰত কোনোবাই ধূমপান কৰিলে তেওঁক আঁতৰত কৰিবলৈ কওক।
৩. নিজে নিজে ঔষধ বন্ধ কৰি দিয়া:দুদিনমান ভাল লাগিলেই বহুতে ঔষধ খোৱা বন্ধ কৰি দিয়ে। এইটো আটাইতকৈ ডাঙৰ ভুল। হাঁপানিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও বন্ধ কৰিব নালাগে। ঔষধ বন্ধ কৰিলে হাওঁফাওঁৰ ভিতৰত প্ৰদাহ আকৌ বাঢ়ি যায় আৰু মাজ ৰাতি হঠাৎ উশাহ বন্ধ হোৱাৰ দৰে বিপদ হ’ব পাৰে।
৪. ঠাণ্ডা পানী, আইচক্ৰীম আৰু এলাৰ্জি হোৱা খাদ্য খোৱা:সকলোৰে এলাৰ্জি বেলেগ বেলেগ। কাৰোবাৰ ঠাণ্ডা পানী, কাৰোবাৰ বেছি মচলাযুক্ত খাদ্য, কাৰোবাৰ আকৌ বাহিৰৰ ফাষ্ট ফুড খালে হাঁপানি বাঢ়ে। আপোনাৰ কি খালে বেছি কাহ হয় সেইটো মন কৰক আৰু সেইবোৰ খাদ্য পৰিহাৰ কৰক। বেছি পৰিমাণে পানী খাওক, যাতে কফ পাতল হৈ থাকে।
৫. সামান্য কাহ বুলি আওকাণ কৰা:বহুতে ৰাতি শুলে কাহ বঢ়া, বুকুত চিঞৰা শব্দ হোৱা বা অলপ কাম কৰিলেই ভাগৰ লগাটো সাধাৰণ বুলি ভাবে। কিন্তু এইবোৰ হাঁপানিৰ আগতীয়া লক্ষণ। সৰুতে চিকিৎসা নকৰিলে ডাঙৰ হৈ হাওঁফাওঁ দুৰ্বল হৈ পৰে। গতিকে এনে লক্ষণ দেখিলে লগে লগে ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লওক।
মনত ৰাখিব, হাঁপানি থাকিলেও আপুনি সুস্থ জীৱন যাপন কৰিব পাৰে। সময়মতে ইনহেলাৰ লওক, নিয়মীয়াকৈ চিকিৎসকক লগ কৰক, যোগ আৰু উশাহৰ ব্যায়াম কৰক আৰু ধূলি-ধোঁৱাৰ পৰা আঁতৰি থাকক। এই তথ্যখিনি আপোনাৰ পৰিয়ালৰ হাঁপানি ৰোগীজনলৈ শ্বেয়াৰ কৰি জনাওক।
