আদালতৰ পৰ্যবেক্ষণত কোৱা হয় যে, তদন্তত এতিয়ালৈকে দাখিল হোৱা তথ্য-প্ৰমাণ আৰু সাক্ষ্যত অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ কোনো প্ৰাথমিক প্ৰমাণ পোৱা নাই। জুবিন গাৰ্গক সুৰাপান কৰোৱাৰ অভিযোগৰ সমৰ্থনতো পৰ্যাপ্ত সাক্ষী বা নথি নাই বুলি বিচাৰপীঠে উল্লেখ কৰে।
আনহাতে, অভিযোগনামাত উল্লেখ থকা বহু অভিযোগৰ সমৰ্থনত আৰক্ষীয়ে দাখিল কৰা তথ্যত খুঁত থকাৰ কথাও আদালতে আঙুলিয়াই দিয়ে। ইতিমধ্যে গোচৰটোত ১২৪ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হৈছে।
২০২৫ চনৰ ৩ অক্টোবৰৰ পৰা প্ৰায় এবছৰ ধৰি কাৰাগাৰত থকা, পূৰ্বৰ অপৰাধৰ ৰেকৰ্ড নথকা আৰু মহিলা হোৱাৰ দিশটো বিবেচনা কৰি অৱশেষত ৯ অক্টোবৰ, ২০২৬ত ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে এই জামিন মঞ্জুৰ কৰে।
জামিন পালেও সাৰি যোৱা নাই – মানিব লাগিব চৰ্ত:
জামিনৰ বাবে ৫০ হাজাৰ টকাৰ বণ্ড আৰু দুজন জামিনদাৰৰ প্ৰয়োজন হ’ব। বিচাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগ কৰিব লাগিব। কোনো প্ৰমাণ নষ্ট কৰিব নোৱাৰিব, কোনো সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰিব। আদালতৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰু নিজৰ সুৰক্ষাৰ প্ৰতি সজাগ থাকিব লাগিব। চৰ্ত ভংগ কৰিলেই বাতিল হ’ব জামিন।
