অমৃতপ্ৰভা মহন্তৰ জামিনৰ খবৰে ৰাজ্যত জোকাৰণিৰ সৃষ্টি কৰাৰ পিছতে, জুবিন অনুৰাগীৰ ক্ষোভক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি সোণাপুৰৰ জুবিনক্ষেত্ৰত জুবিন ফেন ক্লাৱে ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত খোদ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ উপস্থিত থাকে। অমৃতপ্ৰভাই জামিন পোৱাৰ পিছতেই এই আন্দোলন আৰু অধিক তীব্ৰতৰ হৈ পৰে।
এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, আদালতৰ ৰায়ক লৈ চৰকাৰে একো ক’ব নোৱাৰে। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনোৱাটো চৰকাৰৰ দায়িত্ব।
লগতে তেওঁ কয়, জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতত বিগত এবছৰে চলি আছে। এই এবছৰত আদালতে এজনো অভিযুক্তক জামিন দিয়া নাই। সেয়েহে ফাষ্টট্ৰেক আদালতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু জুবিনে নিশ্চয় ন্যায় পাব।
আনহাতে, জুবিনক্ষেত্ৰত যিকোনো অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে।
