গুৱাহাটীত ১৮ নৱেম্বৰত হ’বলগীয়া জুবিন মহোৎসৱক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ‘জুবিন গাৰ্গ দ্য হাৰ্টথ্ৰৱ’ গোটে আয়োজন কৰা তিনিদিনীয়া এই অনুষ্ঠানৰ ভাইৰেল পোষ্টাৰত বহু বিশিষ্ট ব্যক্তিৰ নাম উপদেষ্টা আৰু পৃষ্ঠপোষক হিচাপে উল্লেখ কৰাৰ পাছতে প্ৰতিক্ৰিয়া আহিছে।
গৰিমা শইকীয়া গাৰ্গে কি ক’লে?
তেওঁ স্পষ্টকৈ কয় – এই অনুষ্ঠানৰ সৈতে তেওঁ কোনোপধ্যে জড়িত নহয়। মুখ্য উপদেষ্টা হিচাপে থাকিবলৈ তেওঁ কেতিয়াও সন্মতি দিয়া নাই। বিনা অনুমতিত নাম ব্যৱহাৰ কৰাত ৰাইজ বিভ্ৰান্ত হ’ব। জুবিন গাৰ্গ ন্যাসৰ সৈতেও আয়োজকে কোনো যোগাযোগ কৰা নাই। এনে কাৰ্যই জুবিনৰ ন্যায়ৰ যুঁজখনক দুৰ্বল কৰিব বুলি তেওঁ আক্ষেপ কৰে।
মানস ৰবীনৰ প্ৰতিক্ৰিয়া
শিল্পী মানস ৰবীনে কয় – মই জুবিন মহোৎসৱৰ লগত জড়িত নহয়। মই কেৱল জুবিনৰ ন্যায়ৰ যুঁজৰ এজন যোদ্ধা।
আছু সভাপতি উৎপল শৰ্মাৰ স্পষ্টীকৰণ
আছু সভাপতিয়ে কয় – পোষ্টাৰত মোৰ আৰু সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ নাম দেখি আচৰিত হৈছোঁ। উদ্যোক্তা আহিছিল যদিও আমি তেতিয়াই পদ ল’বলৈ অপাৰগতা জনাইছিলোঁ। এই অনুষ্ঠানৰ সৈতে আছুৰ কোনো সম্পৰ্ক নাই। নাম আঁতৰাবলৈ আহ্বান জনাইছোঁ।
কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটায়ো কৈছে যে এই অনুষ্ঠানৰ সৈতে তেওঁ বা মুখ্যমন্ত্ৰী জড়িত নহয়।
