পূজা কমিটি সাৱধান! এটা ভুল কৰিলেই পোনে পোনে জে’ল

Screenshot

 

পূজা কমিটি সাৱধান! উলংঘা কৰিলেই জে’ল, প্ৰশাসনে বান্ধি দিলে কঠোৰ নিয়ম

শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত প্ৰশাসনে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। প্ৰতিখন পূজা কমিটীয়ে মানি চলিব লাগিব এইসমূহ নিয়ম, অন্যথা উলংঘা কৰিলেই জে’ল-জৰিমনাৰ সন্মুখীন হ’ব লগা হ’ব।

প্ৰশাসনে বান্ধি দিয়া কঠোৰ নিয়মসমূহ –

১. প্ৰতিখন পূজা কমিটীয়ে স্থানীয় থানাৰ পৰা লিখিত অনুমতি লোৱা বাধ্যতামূলক।
২. APDCLৰ পৰা অস্থায়ী বিদ্যুৎ সংযোগৰ বাবে অনুমতি ল’ব লাগিব।
৩. মণ্ডপত সাংস্কৃতিক অনুষ্ঠান পাতিলে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিব লাগিব।
৪. ৰাজহুৱা পথ, ফুটপাথ বা গলি বন্ধ কৰি পূজা পাতিব নোৱাৰিব।
৫. প্লাষ্টিক, থাৰ্মকল আৰু পলিথিনেৰে প্ৰতিমা নিৰ্মাণ সম্পূৰ্ণ নিষিদ্ধ।
৬. পূজা মণ্ডপত পৰ্যাপ্ত পোহৰ আৰু খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব।
৭. মণ্ডপত ২৪ ঘণ্টাই CCTV চলি থাকিব লাগিব।
৮. স্বেচ্ছাসেৱকৰ নাম আৰু মোবাইল নম্বৰ থানাত জমা দিব লাগিব।
৯. মণ্ডপৰ সন্মুখত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ নম্বৰৰ বেনাৰ লগাব লাগিব।
১০. DJ সম্পূৰ্ণ নিষিদ্ধ, মাইকৰ শব্দ ৬০ ডেচিবেলৰ ওপৰত যাব নোৱাৰিব।
১১. মণ্ডপৰ আৱৰ্জনা নিজেই চাফা কৰিব লাগিব আৰু ডাষ্টবিন ৰাখিব লাগিব।
১২. মণ্ডপত জৰুৰীকালীন প্ৰস্থান দুৱাৰ (Emergency Exit) থাকিব লাগিব।
১৩. বিসৰ্জনৰ সময়ত প্ৰতিমাৰ লগত প্লাষ্টিক বা কাপোৰ নদীত পেলাব নোৱাৰিব।
১৪. পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব।
১৫. মণ্ডপত No Tobacco, No Alcohol লিখা বেনাৰ লগোৱা বাধ্যতামূলক।
১৬. পূজা মণ্ডপৰ ভিতৰত সুৰা আৰু গুটখা সেৱন নিষিদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *