প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীপ্ৰেমীসকলৰ বাবে এক অত্যন্ত আনন্দৰ খবৰ। ২০২৬-২৭ বৰ্ষৰ পৰ্যটন বৰ্ষৰ বাবে মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য।
মঙলবাৰে পুৱা এক ব্যতিক্ৰমী আৰু সুন্দৰ পৰিবেশত ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ফিটা কাটি অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰে। এই বিশেষ অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাৰ লগতে বন বিভাগৰ বহু জ্যেষ্ঠ বিষয়া আৰু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত বনমন্ত্ৰীগৰাকীয়ে জনায় যে, আজিৰে পৰা পবিতৰাত জীপ ছাফাৰীৰ সুবিধা পৰ্যটকে লাভ কৰিব। লগতে অহা নৱেম্বৰ মাহৰ পৰা হাতী ছাফাৰীও সম্পূৰ্ণৰূপে মুকলি কৰা হ’ব। যাৰ ফলত পৰ্যটকে ওচৰৰ পৰা এশিঙীয়া গঁড়কে ধৰি বিভিন্ন বন্যপ্ৰাণী উপভোগ কৰিব পাৰিব।
উল্লেখ্য যে, বিশ্বৰ ভিতৰতে আটাইতকৈ ঘন এশিঙীয়া গঁড়ৰ বাসস্থান হিচাপে পবিতৰা বিখ্যাত। প্ৰতি বছৰে বানৰ বাবে বন্ধ হৈ থকাৰ পিছত পুনৰ মুকলি কৰা হয় অভয়াৰণ্যখন। অভয়াৰণ্য মুকলি হোৱাৰ লগে লগে স্থানীয় হোটেল ব্যৱসায়ী আৰু পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ মাজত ব্যাপক উৎসাহৰ সঞ্চাৰ হৈছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা অধিক হ’ব বুলি আশা কৰা হৈছে।
