অপৰাধীৰ ধৰ্মৰ পাছত লিংগৰ বিচাৰ!
হত্যাকাণ্ডক ন্যায্যতা প্ৰদানৰ আঁৰত আমাৰ সমাজৰ ভয়ংকৰ মানসিকতা
এজন মানুহে এক জঘন্য হ/ত্যা/কাণ্ড সংঘটিত কৰিলে। অভিযোগ উঠিল, তদন্ত আৰম্ভ হ’ল, আইনে নিজৰ পথেৰে তদন্ত আৰম্ভ কৰিলে৷ গোচৰ আদালতৰ মজিয়া নাপাওঁতেই যেন সামাজিক মাধ্যমত এখন নতুন আদালত বহিল- য’ত বিচাৰ আৰম্ভ হ’ল অপৰাধীৰ ধৰ্মৰ, জাতৰ, লিংগৰ আৰু অৱশেষত মৃতকৰ চৰিত্ৰৰো পোষ্টমৰ্টেম কৰা হ’ল এইখন আদালতত।
ইমানদিনে অপৰাধীৰ ধৰ্ম বিচাৰি সামাজিক মাধ্যম কলুষিত কৰা একাংশ মানুহে এতিয়া যেন নতুন এটা অস্ত্ৰ বিচাৰি পাইছে লিংগ আৰু জাত-পাতৰ। অপৰাধী পুৰুষ নে মহিলা, কোন জাতৰ,ধনী নে দুখীয়া পৰিয়ালৰ, কি সম্পৰ্কত আছিল, কি বেমাৰ আছিল এইবোৰৰ মাজতেই যেন হ/ত্যা/কাণ্ডৰ নৈতিক ব্যাখ্যা বিচৰা হ’ল৷
আমি সকলোৱে জানো যে অপৰাধীৰ কোনো ধৰ্ম নাই, কোনো জাত নাই, কোনো লিংগ বৈষম্য বা বিশেষাধিকাৰ নাই৷
ৰামানুজ গোস্বামীৰ বিৰুদ্ধে উত্থাপিত হ/ত্যা/কাণ্ডৰ অভিযোগে সমাজক জোকাৰি গৈছে, প্ৰতিজন সভ্য মানুহক এই বৰ্বৰতাই চুই গৈছে । অভিযোগ অনুসৰি নিজৰ পত্নীক হত্যা কৰি মৃ/ত/দেহ টুকুৰা-টুকুৰ কৰি ফ্ৰীজত সংৰক্ষণ কৰি সেই মাংস কুকুৰক খুওৱাৰ পৰিকল্পনা কৰিছিল৷ এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে যুৱতীগৰাকীৰ হাতৰ আঙুলি পৰ্যন্ত কা/টি পেলোৱা হৈছিল৷ এই নাৰকীয় ঘটনাটোৰ তদন্ত, প্ৰমাণ আৰু আইনী সত্য আদালতেই নিৰ্ধাৰণ কৰিব যদিও হত্যাকাণ্ডৰ নৃ/শংসতা আৰু অভিযুক্ত হ/ত্যা/কাৰীৰ অনুশোচনাহীনতাই সকলোকে সচকিত কৰি তুলিছে! কি ভয়ংকৰ মানসিকতা!
মহানগৰীত সংঘটিত এই নৃশংসতাৰ কথা শুনিলে ইতিহাসৰ কুখ্যাত হ/ত্যা/কাৰী চাৰ্লছ শোভৰাজৰ কথা মনলৈ আহে। চাৰ্লছ শোভৰাজৰ হ/ত্যা/কাণ্ড ধাৰাবাহিক আছিল যদিও প্ৰায়বোৰ হ/ত্যা/কাণ্ড এনেকুৱা নাৰকীয় আছিল, যন্ত্ৰণা দি হ/ত্যা কৰিছিল যুৱতীসকলক৷ এই নৃশংসতাৰ চৰিত্ৰই এটা কথাই সোঁৱৰাই দিয়ে যে মানুহৰ আকৃতি একেই হ’লেও সকলো মানুহৰ বিবেক থাকে বুলি ভাবিব নোৱাৰি, মানুহৰ আঁৰত বহুত দানৱ লুকাই থাকে সমাজত৷
সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই নৃশংস। হ/ত্যা/কাণ্ডৰ পাছতো সামাজিক মাধ্যমত একাংশই হ/ত্যা/কাৰীক শাস্তিৰ দাবীৰ বিপৰীতে তেওঁৰ বক্তব্যক হাইলাইট কৰি তেওঁক হিৰো সজাবলৈ উঠিপৰি লাগিছে । আৰক্ষীৰ। সন্মুখতে সাংবাদিকৰ আগত জেলৰ পৰা ওলাই আহি আকৌ একেটা নাৰকীয় কাণ্ড কৰিম বুলি ভা/বুকি দিছে৷ মৃ/ত মহিলাগৰাকীৰ ব্যক্তিগত জীৱন, সম্পৰ্ক আৰু চৰিত্ৰৰ ওপৰত প্ৰশ্ন তুলি যেন কোনোবাই বুজাব বিচাৰিছে তেওঁৰ সৈতে যি ঘটিল, তাৰ আঁৰত কিবা ন্যায্যতা আছিল! একপ্ৰকাৰ মৃ/ত্যু হোৱা যুৱতীগৰাকীক চুগাৰ দাদিৰ বাবে হ/ত্যা কৰা বুলি এক চৰিত্ৰহীনৰ দাগ লগাই দিয়া হৈছে, যেন মৃ/ত্যুৰ পাছতো যুৱতীগৰাকীয়ে চৰিত্ৰৰ পৱিত্ৰতাৰ পৰীক্ষা দিবলৈ আকৌ এবাৰ জী উঠিব লাগিব৷
ধৰি ল’লো কোনো এগৰাকী মহিলাৰ ব্যক্তিগত জীৱনত কিছু ভুল আছে বা বিশৃংখলতা আছে সেই বুলিয়েই তেওঁক হ/ত্যা কৰি ফ্ৰীজত মূৰ ভৰাই থৈ দিয়াৰ দৰে নাৰকীয় হ/ত্যা/কাণ্ড ন্যায্য হৈ যাব নেকি? কি অদ্ভুত চিন্তাধাৰা মানুহৰ!
এগৰাকী মহিলাই কাৰোবাৰ সৈতে সম্পৰ্ক ৰাখিছিল নে নাই, তেওঁৰ ব্যক্তিগত জীৱন কেনে আছিল, তেওঁ কি সিদ্ধান্ত লৈছিল এইবোৰৰ কোনো কথাই তেওঁক হ/ত্যা কৰাৰ অধিকাৰ কাৰোবাক প্ৰদান নকৰে। সম্পৰ্কৰ সংঘাত থাকিলে বিচ্ছেদৰ পথ আছে, আইনৰ পথ আছে, সামাজিক সমাধানৰ পথ আছে। কিন্তু হ/ত্যা/কাণ্ড ন্যায্য হ’ব নোৱাৰে ই এক অক্ষমণীয় অপৰাধ, এনেকুৱা অপৰাধীৰ শাস্তি মৃ/ত্যুদণ্ডৰ বাহিৰে একো হ’ব নোৱাৰে৷
কোনো পুৰুষে সংঘটিত কৰা নৃ/শংসতাক তেওঁৰ পৰিয়ালে সন্তানটি ভাল আছিল, মাজেসময়ে নিচা কৰিছিল, এটি সভ্ৰান্ত ঘৰৰ ল’ৰা ইত্যাদি কথাৰে সহানুভূতি আদায়ৰ চেষ্টা কৰাটোও এক বিপ/জ্জনক কথা ।
সৌসিদিনাখন এগৰাকী চিকিৎসকৰ মৃ/ত্যুৰ ঘটনা সংঘটিত হৈছিল, এই ঘটনাক লৈ সমগ্ৰ অসমত আলোড়ন সৃষ্টি হৈছিল৷ চিকিৎসকজনৰ প্ৰেম আৰু মৃ/ত্যুৰ ঘটনাক একাকাৰ কৰি মিডিয়াই ৰাইজক পেজথ্ৰীৰ ষ্ট’ৰীৰ দৰে মনোৰঞ্জনো দিলে৷ বাতৰিৰ প্ৰচাৰ এইটো পৰ্যায় পালে যে তেওঁলোকে ক’ত কোনখন হোটেলত নিবিড় সময় অতিবাহিত কৰিছিল তাৰ ওপৰতো আলোচনা হ’ল৷ একপ্ৰকাৰ প্ৰেয়সীগৰাকীক সামাজিক মাধ্যমত দোষী সাব্যস্ত কৰি নিৰ্যাতন চলোৱা হ’ল, চৰিত্ৰহনন কৰা হ’ল। পাছত অতিষ্ঠ হৈ প্ৰেয়সীগৰাকীয়ে মুক্তভাৱে নিজৰ কথা কোৱাৰ সুযোগ পোৱাত বহু কথাৰ প্ৰকৃত ৰূপ স্পষ্ট হৈ পৰিছিল, ঘটনাই অন্য ৰূপ লৈছিল৷
এই ঘটনাই প্ৰমান কৰে, সামাজিক মাধ্যমৰ বিচাৰ কিমান সহজে অসম্পূৰ্ণ তথ্য, অনুমান আৰু পক্ষপাতৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
এতিয়া ৰামানুজ গোস্বামীৰ ঘটনাটোত একে মানসিকতাৰ পুনৰাবৃত্তি দেখা গৈছে। অভিযুক্তৰ বক্তব্যক প্ৰশংসাৰে প্ৰচাৰ কৰা হৈছে৷ আনহাতে মৃ/ত্যু হোৱা মহিলাগৰাকীৰ চৰিত্ৰহননৰ চেষ্টা চলিছে। যেন মৃ/ত্যু হোৱা মানুহে নিজৰ পক্ষত কথা ক’ব নোৱাৰে বাবেই তেওঁৰ ওপৰত সকলো অভিযোগ জাপি দিবলৈ চেষ্টা কৰা হৈছে। আজি যেন মৃ/ত্যুৰ বলি হোৱা মহিলাগৰাকীৰ ন্যায়ৰ বাবে মাত মাতিবলৈ কোনো নাই৷
এয়া কেৱল পুৰুষতান্ত্ৰিক মানসিকতা নে? নে ইয়াৰ আঁৰত আছে অপৰাধক নিজৰ পছন্দৰ পৰিচয়, নৈতিকতা আৰু সামাজিক পক্ষপাতৰ জৰিয়তে ব্যাখ্যা কৰাৰ এক নিচাত্মক প্ৰৱণতা?
পুৰুষতান্ত্ৰিক সমাজে বহু সময়ত মহিলাৰ ব্যক্তিগত জীৱনক তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। আনহাতে ধৰ্মীয় মেৰুকৰণ, জাত-পাতৰ অহংকাৰ আৰু সামাজিক পক্ষপাতেও অপৰাধৰ নৈতিক বিচাৰক বিকৃত কৰে। ফলত অপৰাধী এজন মানুহ হিচাপে নহয়, নিজৰ ধৰ্ম, জাত বা লিংগৰ প্ৰতিনিধি হিচাপে বিচাৰিত হয়।
কিন্তু এই মানসিকতা সমাজৰ বাবে ভয়ংকৰ। কাৰণ যেতিয়া আমি অপৰাধীৰ পৰিচয়ক অপৰাধতকৈ বেছি গুৰুত্ব দিওঁ, তেতিয়া ন্যায়ৰ মূল ভেটিটোৱেই দুৰ্বল হৈ পৰে। তেতিয়া হত্যাকাণ্ডৰ বলি হোৱাজন আৰু ভূক্তভোগীৰ পৰিয়ালে অধিকাৰ, মৰ্যাদা আৰু জীৱনৰ মূল্যও পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।
আমি পাহৰি যোৱা উচিত নহয়, এগৰাকী মহিলাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন থাকিলেও তেওঁক হ/ত্যা কৰিব নোৱাৰে । এগৰাকী পুৰুষৰ মানসিক সমস্যা থাকিলেও তেওঁৰ অপৰাধ আইনৰ উৰ্ধত নহয়। কোনো ধৰ্মৰ মানুহ অপৰাধী হ’লেও সেই ধৰ্ম অপৰাধী নহয়, কোনো জাতৰ মানুহ অপৰাধী হ’লেও সেই সমগ্ৰ জাত বা গোষ্ঠী অপৰাধী নহয়।
ন্যায়ৰ ভাষা একেটাই হ’ব লাগে, অপৰাধৰ তদন্ত, প্ৰমাণৰ মূল্যায়ন আৰু আইনৰ শাসন। সামাজিক মাধ্যমৰ ভাষা যদি ইয়াৰ বিপৰীতে অপৰাধীৰ বক্তব্যক ৰোমান্টিক কৰি তোলে আৰু মৃতকৰ চৰিত্ৰ হননক বিনোদনলৈ পৰিণত কৰে, তেন্তে সেই সমাজে কেৱল এজন অপৰাধীক নহয়, নিজৰ বিবেককো সুৰক্ষা দিব নোৱাৰে।
আমি এনেকুৱা এখন সমাজত বাস কৰোঁ, য’ত হ/ত্যা/কাণ্ডৰ পাছত মৃ/তকৰ চৰিত্ৰ বিচাৰ কৰা হয়, য’ত অপৰাধীৰ পৰিচয় ধৰ্ম বিচাৰ কৰি শাস্তিৰ দাবী তোলা হয়৷ এনেকুৱা সমাজে আচলতে অপৰাধীৰ অপৰাধক ন্যায্যতা দিয়ে আৰু অপৰাধীক অপৰাধ কৰাৰ বাবে উৎসাহ দিয়ে৷
এখন সভ্য সমাজৰ পৰিচয় এইটো নহয় যে তাত অপৰাধী নাথাকে। সভ্য সমাজৰ পৰিচয় হ’ল, অপৰাধী যিয়েই নহওক, অপৰাধক ন্যায্যতা প্ৰদান কৰিব নালাগে৷ নিজৰ গোষ্ঠী,গোত্ৰ বা একে ধৰ্মৰ হ’লেও অপৰাধীৰ ওচৰত সমাজে নিজৰ বিবেক বিক্ৰী কৰিব নালাগে ।
