“No,Don’t do this এইটো নকৰিব, আঁতৰি দিয়ক!”অমৃতপ্ৰভাৰ অধিবক্তাই কাক দিলে এই সকীয়নি?

 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি হাফলং উপ-কাৰাগাৰৰ পৰা মুকলি হৈছে।

কাৰাগাৰৰ পৰা ওলাল যদিও তেওঁৰ আইনী যুঁজ এতিয়াও শেষ হোৱা নাই। ফাষ্টট্ৰেক আদালতে প্ৰতিটো শুনানিৰ দিনাই অমৃতপ্ৰভাক নিজে উপস্থিত থাকিবলৈ কঠোৰ নিৰ্দেশ দিছে। জামিন পোৱা মানেই গোচৰৰ পৰা সাৰি যোৱা নহয়, আদালতে দিয়া প্ৰতিটো চৰ্ত তেওঁ আখৰে আখৰে মানিব লাগিব।

আজি পুনৰ আদালতত হাজিৰ হয় অমৃতপ্ৰভা মহন্ত। আদালতৰ চৌহদত ওলোৱাৰ লগে লগে সাংবাদিকসকলে তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ আগবাঢ়ি আহে।

সেই মুহূৰ্ততে তেওঁৰ লগত থকা অধিবক্তা আনন ভূঞাই সাংবাদিকক বাধা দিয়ে। “No, Don’t do this, আঁতৰি দিয়ক” বুলি তেওঁ কেমেৰাৰ সন্মুখত থিয় দি সাংবাদিকক আঁতৰাই পঠিয়ায়। অধিবক্তাৰ এনে ব্যৱহাৰত উপস্থিত সাংবাদিকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ৰাজ্যত এতিয়াও তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে আদালত চৌহদত সংঘটিত এই ঘটনাই পুনৰ বিতৰ্কৰ সূচনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *