জনপ্ৰিয় শিল্পী তথা বিজেপি নেতা সীমান্ত শেখৰৰ ডাঙৰ সিদ্ধান্ত
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰক লৈ ৰাজ্যত পুনৰ ব্যাপক চৰ্চা। আজি তেওঁ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ লগতে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্বও এৰি দিয়ে।
জানিব পৰা মতে, শেহতীয়াকৈ বিজেপি বিধায়ক বিজয় কুমাৰ গুপ্তাই হাৰ্টথ্ৰৱ জুবিন গাৰ্গক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছত সীমান্ত শেখৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজয় গুপ্তাক কঠোৰ সমালোচনা কৰিছিল। তাৰ পিছতে তেওঁৰ এই পদত্যাগক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।
উল্লেখ্য যে, ২০২০ চনত কেইবাগৰাকীও শিল্পীৰ সৈতে সীমান্ত শেখৰে বিজেপিত যোগদান কৰিছিল। ইয়াৰ পূৰ্বে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰচাৰ গীতত কণ্ঠদান কৰি চৰ্চালৈ আহিছিল তেওঁ। পিছলৈ দলে তেওঁক চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰে।
আজি তেওঁ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে যদিও পদত্যাগৰ প্ৰকৃত কাৰণ এতিয়াও ৰাজহুৱা কৰা নাই।
আনহাতে, এই খবৰ প্ৰকাশৰ পিছতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। বহু অনুৰাগীয়ে তেওঁৰ এই সাহসী সিদ্ধান্তক আদৰণি জনাইছে আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এই পথ লোৱা বুলি মন্তব্য কৰিছে।
