আমি প্ৰায় সকলোৱে বজাৰৰ পৰা কণী আনি পোনে পোনে ফ্ৰীজত ভৰাই থওঁ। ভাবো ফ্ৰীজত ৰাখিলে কণী বেছি দিন ভাল হৈ থাকিব। কিন্তু আপুনি জানেনে, কণী ফ্ৰীজত ৰখাৰ ভুল পদ্ধতিয়ে আপোনাৰ পৰিয়ালৰ বাবে ডাঙৰ বিপদ মাতি আনিব পাৰে?
ফ্ৰীজত কণী ৰখাটো বেয়া নহয়, কিন্তু কেনেকৈ ৰাখিছে সেয়াহে আটাইতকৈ গুৰুত্বপূৰ্ণ।
১. Salmonella ৰ ভয়:
কণীৰ খোলাটোত সৰু সৰু বিন্ধা থাকে। ফ্ৰীজৰ দুৱাৰত বাৰে বাৰে খোলা-বন্ধ কৰা ঠাইত কণী ৰাখিলে উষ্ণতাৰ উঠা-নমা হয়। ইয়াৰ ফলত খোলাত পানী জমা হয় আৰু Salmonella নামৰ বেক্টেৰিয়া ভিতৰলৈ সোমাই যায়। এই বেক্টেৰিয়াৰ বাবে বমি, ডায়েৰিয়া, পেটৰ বিষ, জ্বৰ আনকি হস্পিতালত ভৰ্তি হ’ব লগাও হ’ব পাৰে।
২. আটাইতকৈ ডাঙৰ ভুলবোৰ কি কি?
– ফ্ৰীজৰ দুৱাৰত থকা Egg Tray ত কণী ৰখা – এইটো আটাইতকৈ বেছি গৰম আৰু Unsafe ঠাই।
– কণী ধুই ফ্ৰীজত ৰখা – ধুলে কণীৰ ওপৰৰ প্ৰাকৃতিক সুৰক্ষা স্তৰ (cuticle) নষ্ট হৈ যায়।
– ফটা কণী ফ্ৰীজত ৰখা।
– ২ ঘণ্টাতকৈ বেছি সময় বাহিৰত ৰাখি পুনৰ ফ্ৰীজত ভৰোৱা।
৩. তেন্তে শুদ্ধ পদ্ধতি কি?
– কণী সদায় তাৰ Original কাৰ্টনত ভৰাই ৰাখক।
– ফ্ৰীজৰ মাজৰ বা পিছফালৰ ঠাণ্ডা অংশত ৰাখক, দুৱাৰত কেতিয়াও নৰাখিব।
– ফ্ৰীজৰ উষ্ণতা 4°C (40°F) তকৈ কম হ’ব লাগে।
– ৩ সপ্তাহৰ ভিতৰত ব্যৱহাৰ কৰাৰ চেষ্টা কৰক।
– ফ্ৰীজত থোৱা কণী ১ সপ্তাহৰ ভিতৰত খাই শেষ কৰক।
মনত ৰাখিব, ফ্ৰীজত কণী ৰখাটো বেয়া নহয়, ভুলকৈ ৰখাটোহে বেয়া। অলপ সাৱধান হলেই আপুনি আৰু আপোনাৰ পৰিয়াল সুৰক্ষিত হৈ থাকিব।
