বিতৰ্কৰ পাছত অৱশেষত বাতিল হ’ল জুবিন গাৰ্গ মহোৎসৱ! অজয় ফুকনৰ নেতৃত্বত আয়োজন কৰা অনুষ্ঠান বাতিল

Screenshot

 

নিজকে সভাপতি হিচাপে প্ৰক্ষেপ কৰি অজয় ফুকনে ‘জুবিন মহোৎসৱ’ আয়োজক সমিতিৰ তালিকা প্ৰকাশ কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। অৱশেষত সেই বিতৰ্কৰ পাছত বাতিল কৰা হ’ল জুবিন গাৰ্গ মহোৎসৱ।

সোমবাৰে এখন সংবাদমেল আয়োজন কৰি অজয় ফুকনে জুবিন মহোৎসৱৰ আয়োজক সমিতিৰ তালিকা প্ৰকাশ কৰিছিল। তেওঁ জনোৱা অনুসৰি, উক্ত মহোৎসৱৰ মুখ্য পৃষ্ঠপোষক হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্য উপদেষ্টা হিচাপে গৰিমা শইকীয়া গাৰ্গ, পৃষ্ঠপোষক হিচাপে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সংগীত শিল্পী মানস ৰবীন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা থাকিব।

কিন্তু তালিকা প্ৰকাশৰ পিছতে প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে এই মহোৎসৱৰ সৈতে তেওঁলোক জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সামাজিক মাধ্যমতো তীব্ৰ সমালোচনাৰ সন্মুখীন হয় অজয় ফুকন।

অৱশেষত আজি এক গোহাৰি প্ৰকাশ কৰি জুবিন মহোৎসৱ আয়োজক সমিতিয়ে জুবিন গাৰ্গ মহোৎসৱ বাতিল কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *