মাজুলী জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহিল এক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, তেন্তে কাইলৈ সন্ধিয়া ৭ বজাত আপুনি এটা বিশেষ কাম কৰিবই লাগিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে সেৱা সংকল্প অভিযান চলি আছে। এই অভিযানৰ অংশ হিচাপে মাজুলী জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীক কাইলৈ সন্ধিয়া ৭ বজাত নিজৰ ঘৰত মাটিৰ চাকি বা বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে।
প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা জাননী অনুসৰি, এই কাৰ্যসূচী কেৱল ৰেচন হিতাধিকাৰীৰ মাজতে সীমাবদ্ধ নহয়। জিলাখনৰ সকলো পেট্ৰ’ল পাম্প, সৰিয়হ মিল আৰু ধানৰ মিলৰ গৰাকীয়েও নিজৰ নিজৰ প্ৰতিষ্ঠানত বন্তি প্ৰজ্বলন কৰি এই সেৱা সংকল্প অভিযানত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।
জিলা প্ৰশাসনে সকলোকে এই মহৎ অভিযানত সহযোগ কৰিবলৈ অনুৰোধ জনাইছে।
