শুই থাকোতে নাক বাজে নেকি? কিয় বাজে, অপকাৰ কি আৰু কেনেকৈ কমাব?

শুই থাকোতে নাক বজা এক অতি সাধাৰণ সমস্যা। প্ৰায় প্ৰতিটো ঘৰতে কোনোবা নহয় কোনোবাৰ এই সমস্যা থাকে। বহুতে ইয়াক ধেমালি বুলি ভাবে যদিও ইয়াৰ আঁৰত কেতিয়াবা গুৰুতৰ স্বাস্থ্যৰ কাৰণ থাকিব পাৰে।

শুই থাকোতে নাক কিয় বাজে?

আমি যেতিয়া শুই থাকোঁ, আমাৰ ডিঙিৰ পিছফালৰ মাংসপেশী শিথিল হৈ পৰে। ইয়াৰ ফলত বায়ু যোৱা পথটো ঠেক হৈ যায়। যেতিয়া আমি উশাহ লওঁ, তেতিয়া সেই ঠেক পথেৰে বায়ু জোৰেৰে পাৰ হ’বলগীয়া হয় আৰু আশে-পাশে থকা টিছু কঁপিবলৈ ধৰে, যাৰ ফলত নাক বজাৰ শব্দৰ সৃষ্টি হয়।

ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল:
১. অতিৰিক্ত ওজন: ডিঙিৰ চাৰিওফালে চৰ্বি জমা হ’লে বায়ুৰ পথ ঠেক হয়।
২. ভুলকৈ শোৱা: পিঠি পোনাই শুলে নাক বেছিকৈ বাজে।
৩. নাক বন্ধ হোৱা: চৰ্দি, এলার্জি বা নাকৰ হাড় বেঁকা হ’লে।
৪. ধূমপান আৰু মদ্যপান: ই ডিঙিৰ মাংসপেশী অধিক শিথিল কৰি দিয়ে।
৫. ভাগৰ: বেছি ভাগৰ লাগিলেও নাক বেছিকৈ বাজে।

নাক বজাৰ অপকাৰ কি?

নাক বজাটো কেৱল শব্দই নহয়, ইয়াৰ বহু অপকাৰ আছে। যিজনে নাক বজায় তেওঁৰ টোপনি গভীৰ নহয়, দিনটো ভাগৰ লাগি থাকে, মনোযোগ কমি যায়। কাষত শোৱা মানুহজনৰো টোপনিৰ ব্যাঘাত জন্মে। দীৰ্ঘদিন ধৰি বেছিকৈ নাক বাজিলে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু Sleep Apnea ৰ দৰে ৰোগৰ সম্ভাৱনা বাঢ়ে।

কেনেকৈ প্ৰতিকাৰ কৰিব?

কেইটামান সহজ অভ্যাসেৰে এই সমস্যা বহুখিনি কমাব পাৰি।

১. কাষ কৰি শুওক: পিঠি পোনাই নুশুই কাষ কৰি শোৱাৰ চেষ্টা কৰক।
২. ওজন কমাওক: ওজন অলপ কমিলেও নাক বজা বহুখিনি কমে।
৩. মূৰ ওখকৈ ৰাখক: এটাৰ সলনি দুটা গাৰু ব্যৱহাৰ কৰি মূৰটো অলপ ওখকৈ ৰাখক।
৪. নাক পৰিষ্কাৰ ৰাখক: শোৱাৰ আগত গৰম পানীৰ ভাপ ল’লে নাক খোলে।
৫. মদ্যপান আৰু ধূমপান এৰক: বিশেষকৈ শোৱাৰ ৩-৪ ঘণ্টা আগত।
৬. পৰ্যাপ্ত পানী খাওক: ডিঙি শুকাই থাকিলেও নাক বেছিকৈ বাজে।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব?

যদি আপোনাৰ প্ৰতিদিনে বহুত বেছিকৈ নাক বাজে, শুই থাকোতে মাজে মাজে উশাহ বন্ধ হোৱা যেন লাগে, ৰাতি সাৰ পাই উঠে বা দিনটো বৰ ভাগৰ লাগি থাকে, তেন্তে পলম নকৰি এজন ENT বা Chest বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *