কৃষকৰ বাবে ডাঙৰ সুখবৰ! শীঘ্ৰেই আহি আছে পিএম কিষাণৰ ২৪তম কিস্তি, এই তাৰিখত সোমাব পাৰে ধন

দেশৰ কোটি কোটি কৃষকৰ বাবে আহিছে এক অতি ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) যোজনাৰ ২৪তম কিস্তিৰ বাবে অপেক্ষা কৰি থকা কৃষকসকলৰ বাবে অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে।

২৩তম কিস্তি কেতিয়া দিয়া হৈছিল?

কেন্দ্ৰীয় চৰকাৰে যোৱা ২৩তম কিস্তিৰ ধন যোৱা ২০ জুন, ২০২৬ তাৰিখে কৃষকৰ একাউণ্টত প্ৰদান কৰিছিল। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলে বছৰি ৬,০০০ টকা লাভ কৰে, যিটো ২,০০০ টকাকৈ তিনিটা কিস্তিত দিয়া হয়।

২৪তম কিস্তি কেতিয়া আহিব?

পিএম কিষাণ যোজনাৰ নিয়ম অনুসৰি প্ৰতি ৪ মাহৰ মূৰে মূৰে কিস্তিৰ ধন মুকলি কৰা হয়। সেই হিচাপত ২৪তম কিস্তিৰ ধন অহা অক্টোবৰ, ২০২৬ মাহত মুকলি কৰাৰ সম্ভাৱনা অতি বেছি। বিভিন্ন সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি দশেৰা আৰু দীপাৱলী উৎসৱৰ পূৰ্বে চৰকাৰে এই ধন মুকলি কৰিব পাৰে।

ভুৱা খবৰৰ পৰা সাৱধান!

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত দাবী কৰা হৈছিল যে ৰাখী বন্ধনত কৃষকক ৪,০০০ টকাকৈ দিয়া হ’ব। কিন্তু PIB Fact Check এ এই ভিডিঅ’টো সম্পূৰ্ণ ভুৱা আৰু AI দ্বাৰা নিৰ্মিত বুলি স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে এনে কোনো ঘোষণা কৰা নাই বুলি জনাইছে। সেয়েহে কৃষকসকলে আনুষ্ঠানিক ঘোষণালৈ অপেক্ষা কৰিব লাগিব।

টকা নোসোমালে কি কৰিব?

যদি আপোনাৰ একাউণ্টত ধন সোমোৱা নাই তেন্তে তৎক্ষণাৎ এই কাম কেইটা কৰক –

১. pmkisan.gov.in ৱেবছাইটত গৈ Beneficiary Status চেক কৰক।
২. আপোনাৰ e-KYC সম্পূৰ্ণ হৈছে নে নাই চাওক, সম্পূৰ্ণ নহ’লে OTP ৰ জৰিয়তে সম্পূৰ্ণ কৰক।
৩. বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আৰু DBT Option Enable হৈ আছে নে নাই নিশ্চিত কৰক।
৪. কোনো অচিনাকি ব্যক্তি বা এজেণ্টক ধন দি কিস্তি মুকলি কৰাৰ প্ৰলোভনত নপৰিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *