শাৰদীয় নৱৰাত্ৰি : জানক ৯ দিনৰ ৯ ৰূপৰ মহত্ব, পূজা বিধি আৰু বিশেষত্ব

Screenshot

 

হিন্দু ধৰ্মাৱলম্বীৰ বাবে অতি পবিত্ৰ আৰু শুভ সময় হৈছে শাৰদীয় নৱৰাত্ৰি। বছৰত ৪ বাৰ নৱৰাত্ৰি পালন কৰা হয় যদিও শাৰদীয় নৱৰাত্ৰি আটাইতকৈ বেছি জনপ্ৰিয়। আশ্বিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদৰ পৰা নৱমী তিথিলৈকে ৯ দিন ধৰি মা দুৰ্গাৰ ৯ টা স্বৰূপক পূজা কৰা হয়। অসম-বংগত এই সময়ছোৱাতে দুৰ্গা পূজাৰ আয়োজন কৰা হয়।

এই ৯ দিনত ভক্তসকলে উপবাস কৰি, সাত্বিক আহাৰ গ্ৰহণ কৰি মা দুৰ্গাৰ আৰাধনা কৰে। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিত নিষ্ঠাৰে পূজা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়।

নৱদুৰ্গাৰ ৯ ৰূপ আৰু ইয়াৰ মহত্ব:

১. প্ৰথম দিন – শৈলপুত্ৰী:পৰ্বতৰাজ হিমালয়ৰ কন্যা। হাতত ত্ৰিশূল আৰু পদুম ফুল।

২. দ্বিতীয় দিন – ব্ৰহ্মচাৰিণী:ত্যাগ আৰু তপস্যাৰ প্ৰতীক।

৩. তৃতীয় দিন – চন্দ্ৰঘণ্টা:কপালত অৰ্ধচন্দ্ৰ, শান্তি আৰু সমৃদ্ধিৰ দেৱী।

৪. চতুৰ্থ দিন – কুষ্মাণ্ডা:বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰা দেৱী।

৫. পঞ্চম দিন – স্কন্দমাতা:কাৰ্তিকৰ মাতৃ, বুদ্ধিমত্তা আৰু জ্ঞানৰ দেৱী।

৬. ষষ্ঠ দিন – কাত্যায়নী:মহিষাসুৰ বধ কৰা উগ্ৰ ৰূপ।

৭. সপ্তম দিন – কালৰাত্ৰি:সকলো অশুভ শক্তি নাশ কৰা ৰূপ।

৮. অষ্টম দিন – মহাগৌৰী:শুভ্ৰতা আৰু পবিত্ৰতাৰ প্ৰতীক।

৯. নৱম দিন – সিদ্ধিদাত্ৰী:সকলো সিদ্ধি প্ৰদান কৰা দেৱী।

দশম দিনত বিজয়া দশমী। এই দিনটোৱে অসত্যৰ ওপৰত সত্যৰ, অশুভৰ ওপৰত শুভৰ জয়ক সূচায়। নৱৰাত্ৰি কেৱল পূজা নহয়, ই আত্মশুদ্ধি আৰু শক্তি সাধনাৰ সময়।

Leave a Reply

Your email address will not be published. Required fields are marked *