বিশিষ্ট অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া নগেন্দ্ৰ নাথ ভাগৱতীৰ ৯২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

গুৱাহাটী: অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত স্বাভিমানী তথা নিষ্ঠাবান বিষয়া নগেন্দ্ৰ নাথ ভাগৱতীৰ ৯২ বছৰ বয়সত দেহাৱসান ঘটে। মূল ঘৰ বিশ্বনাথ চাৰিআলিত যদিও গুৱাহাটীৰ বৰণাচলৰ স্থায়ী বাসিন্দা আছিল নগেন্দ্ৰ নাথ ভাগৱতী। ব্যক্তিগত জীৱনত অতিকৈ আত্মমৰ্যাদাপূৰ্ণ আৰু নীতিৱান ব্যক্তি হিচাপে পৰিচিত প্ৰয়াত ভাগৱতীয়ে এই সংসাৰত দুই পুত্ৰক এৰি থৈ গৈছে। আজি বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত প্ৰয়াত ভাগৱতীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *